মাৰ্কণ্ডেয় ঋষিৰ দ্বাৰা ৰচিত মাৰ্কণ্ডেয় পুৰাণ । এই মাৰ্কণ্ডেয় পুৰাণৰেই অন্তৰ্গত শ্ৰী শ্ৰী চণ্ডী এখন প্ৰাচীন ধৰ্মগ্ৰন্থ । শ্ৰী শ্ৰী চণ্ডী গ্ৰন্থত মুঠ ১৩টা অধ্যায় আৰু ৭০০ টা শ্লোক আছে । সেইবাবেই গীতাৰ দৰে ইয়াকো সপ্তশতী বোলা হয় । আদ্য শক্তি মহামায়া । তেওঁ মায়া আৰু শক্তিৰ দেৱী । অন্যায় আৰু অসুৰ শক্তিক তেওঁ ধ্বংস কৰে ।
এই শ্ৰী শ্ৰী চণ্ডী গ্ৰন্থতেই এটি সুন্দৰ স্তোত্ৰ আছে :
“যা দেবী সর্বভূতেষু শক্তিৰূপেন সংস্থিতা।
নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নমঃ।।
যা দেবী সর্বভূতেষু শান্তিৰূপেন সংস্থিতা।
নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নমঃ।।”
অৰ্থাৎ, যি দেৱী সমস্ত জীৱ আৰু চৰাচৰৰ শক্তি ৰূপে অৱস্থান কৰে সেই দেৱীক নমস্কাৰ, বাৰ বাৰ নমস্কাৰ । যি দেৱী সমস্ত জীৱত শান্তি ৰূপত অৱস্থান কৰে সেই দেৱীক নমস্কাৰ, বাৰ বাৰ নমস্কাৰ ।
শ্ৰী শ্ৰী চণ্ডীৰ বিষয়বস্তু:
এবাৰ ৰজা ইন্দ্ৰ আৰু অসুৰৰ ৰজা মহিষাসুৰৰ মাজত ভীষন যুদ্ধ হয় । যুদ্ধত দেৱতাসকল স্বৰ্গৰ পৰা বিতাড়িত হব লগা হয় । এদিন ৰাজ্যহাৰা দেৱতাসকলে ব্ৰহ্মাক সন্মুখত লৈ দেৱাদিদেৱ মহাদেৱ আৰু বিষ্ণুৰ ওচৰলৈ গৈ তেওঁলোকৰ দুৰ্দশাৰ কথা বৰ্ণনা কৰিলে । তেতিয়া ব্ৰহ্মা, বিষ্ণু, মহাদেৱকে আদি কৰি সকলো দেৱতাৰে শৰীৰৰ পৰা এক উজ্জ্বল ৰশ্মি নিৰ্গত হৈ দেৱী মূৰ্তিৰ সৃষ্টি হ'ল । দেৱতাসকলে নিজৰ নিজৰ দিব্য অস্ত্ৰৰে সেই দেৱী মূৰ্তিক সুসজ্জিত কৰিলে । দিব্য অস্ত্ৰৰে সুসজ্জিত হৈ দেৱীয়ে দহ হাত দাঙি অট্টহাস্য কৰিবলৈ ধৰিলে । যি হাঁহিত স্বৰ্গ , মৰ্ত্য, পাতাল কঁপি উঠিল । ৠষি মুনি সকলে ভক্তি ভাৱেৰে দেৱীৰ স্তুতি গাবলৈ ধৰিলে ।
এইফালে মহিষাসুৰে হাজাৰ হাজাৰ সৈন্য-সামন্ত লৈ দেৱীৰ সৈতে যুদ্ধ কৰিবলৈ আগবাঢ়ি আহিল । ভীষণ যুদ্ধ হ'ল । যুদ্ধত অসুৰ শক্তিৰ পৰাজয় হ'ল । অসুৰৰ অত্যাচাৰৰ পৰা দেৱলোক মুক্ত হ'ল । চাৰিওফালে আনন্দময় পৰিবেশ সুচিত হ'ল । দেৱতাসকলে আৰু ৠষি-মনিসকলে আনন্দমনেৰে দেৱীৰ জয়গান গাবলৈ ধৰিলে ।
“সর্বমঙ্গলমঙ্গল্যে শিবে সর্বার্থসাধিকে।
শৰণ্যে ত্র্যম্বকে গৌৰি নাৰায়ণি নমো হস্তুতে ।।”
অৰ্থাৎ, তুমি সর্ব প্রকাৰ কল্যাণদায়িনী। তুমি মঙ্গলময়ী। সর্ব প্রকাৰ ইচ্ছাপূৰণকাৰী। সেইবাবেই তোমাক বাৰে বাৰে নমস্কাৰ কৰোঁ।

No comments:
Post a Comment