Offer

Thursday, 25 October 2018

ধৰ্ম মানে সহজ অৰ্থত ন্যায়।

ধৰ্ম মানে সহজ অৰ্থত ন্যায়। ধাৰ্মিক মানে কেৱল পূজা বা উপাসনা কৰা মানুহক নুবুজায়।

 মহাভাৰতৰ বিশেষ গুৰুত্বপূৰ্ণ চৰিত্ৰ যুধিষ্ঠিৰক ধৰ্মৰাজ বুলি কোৱা হয়। ইয়াৰ দ্বাৰা যুধিষ্ঠিৰক কেৱল পূজা বা উপাসনা কৰা ব্যক্তি বুলি কোৱা নাই। ধৰ্মৰাজ বিশেষণেৰে যুধিষ্ঠিৰক এজন ন্যায় পৰায়ন ব্যক্তি হিচাপেহে বুজোৱা হৈছে। যিজনে কাৰো অন্যায় নকৰে তেৱেঁই প্ৰকৃত ধাৰ্মিক।


সৰুতেই নৈতিক চৰিত্ৰ গঠন কৰিবলৈ মা-দেউতা বা জ্যেষ্ঠসকলে কোৱা মনত পৰে "বাবা, সদায় ধৰ্মত চলিবি, ভগৱানে তোক সহায় কৰিব "। এই কথাষাৰেৰে মোক নিশ্চয় পূজা বা উপাসনা কৰাৰ কথা কোৱা নাছিল। কৈছিল ন্যায়ৰ পথত সদায় চলাৰ কথা।

আচলতে ন্যায়ৰ পথেই ধৰ্মৰ পথ। ভগৱান নামৰ যি শক্তিক আমি বিশ্বাস কৰোঁ সেই শক্তিৰ আশীৰ্বাদ কেৱল ন্যায়ৰ পথৰেহে সম্ভৱ।

পূজা- পাতল এইবোৰ হ'ল আমাৰ সংস্কৃতিত সন্নিৱিষ্ট হৈ থকা কেতবোৰ পালনীয় আচৰণ। আমি যি সংস্কৃতিত লালিত-পালিত হৈছো, সেই সংস্কৃতিৰ উমৈহতীয়া বিশ্বাসেৰে আমি ভগৱান নামৰ শক্তিটোক আমাৰ সুখৰ বাবে ধন্যবাদ আৰু আমাৰ দুখবোৰৰ পৰা পৰিত্ৰাণ বিচাৰি পালন কৰা আচৰণবোৰকেই আমি পূজা বুলি কওঁ । নিজস্ব বিস্বাস আৰু পাৰিপাৰ্শ্বিকতাৰ প্ৰভাৱ অনুসৰি আমাৰ উপাসনা পদ্ধতি ভিন্ন হব পাৰে। কিন্তু উদ্দেশ্য একেই। "দুখবোৰৰ পৰা পৰিত্ৰাণ আৰু সুখবোৰৰ বাবে ধন্যবাদ।"

মোৰ ক্ষুদ্ৰ মগজুৰে মই এনেদৰেই ভাৱো।

অসমৰ সংস্কৃত বিতৰ্ক ।

                      এক সুপৰিকল্পিত প্ৰতিযোগিতা চলিছে , নিজকে প্ৰগতিবাদী সজোৱাৰ । কিছু চতুৰ স্বাৰ্থপৰ দালালে সুপৰিকল্পিত ভাবে আৰম্ভ কৰে কোনো বিতৰ্কৰ আৰু তাৰ মাজত অতি সুচতুৰ ভাৱে এনেকুৱা এটা মনোভাৱ সুমুৱাই দিয়া হয় যেন সেই মতৰ সমৰ্থন কৰাসকলহে প্ৰগতীবাদী আৰু বিৰোধিতা কৰাসকল আদিম চিন্তাধাৰৰ বৰ্বৰ মানসিকতা সম্পন্ন। তাকে দেখি আমাৰ নদাই-ভদাই , লাদুৰী-মাদুৰী এচামো জপিয়াই পৰে সেই বিতৰ্কত । সকলোকে প্ৰগতিবাদী হোৱাৰ প্ৰমানপত্ৰ খন লাগে । কোনেনো বাৰু দেখ দেখকৈ পুৰনি চিন্তাধাৰৰ লেবেলখন নিজৰ কপালত লগাব বিচাৰে ।

                       সংস্কৃত প্ৰায়বোৰ ভাৰতীয় ভাষাৰেই জননী । আনকি আমাৰ মাতৃভাষা অসমীয়াৰো । (অৱশ্যে নব্য চিন্তাধাৰাৰ বুলি জহাব বিচৰা কোনোৱে মোৰ মতৰ বিৰোধিতা কৰিলেও আচৰিত হব লগা নাই ।) সংস্কৃত ভাষাৰ মাধ্যমতেই ভাৰতৰ শিক্ষা ব্যবস্থাই এসময়ত সমসাময়িক বিশ্বত গুৰু হিচাপে প্ৰতিস্থিত আছিল । পৰবৰ্তী সময়ত প্ৰতিকুল পৰিস্থিতিত এই ঐতিহ্যমণ্ডিত ভাষা লুপ্তপ্ৰায় হৈ পৰিল । স্বাধীন ভাৰতৰ সংবিধানত এই ভাষাৰ উৎকৰ্ষৰ বাবে উল্লেখ থাকিল যদিও ফলাফল বৰ বিশেষ চকুত নপৰিল । তাৰ সলনি বিশেষ কিছু চক্ৰৰ পৰোক্ষ প্ৰৰোচনাত সংস্কৃতৰ বিষয়ে আমাৰ মনত এনে এক ধাৰনা সৃষ্টি কৰা হল যে সংস্কৃত এটা মাত্ৰ সনাতন হিন্দু ধৰ্মৰ সৈতে জড়িত বৈজ্ঞানিক সমলবিহীন ভাষা । অথচ কোন তাহানিতেই সংস্কৃত ভাষাত যোগ, আয়ুৰ্বেদ, জ্যোৰ্তিবিজ্ঞান, স্থপতিবিদ্যাৰ দৰে বহু প্ৰায়োগিক বিজ্ঞানৰ চৰ্চা হৈছিল । গতিকে সংস্কৃত চৰ্চাই আমাক পিছুৱাই লৈ যাব বুলি যি পৰিকল্পিত প্ৰচাৰ চলোৱা হৈচে সেয়াও দৰাচলতে প্ৰগতিবাদী চিন্তাৰ নামত আমাৰ ঐতিহ্য, আমাৰ বিশ্বাস, আমাৰ দক্ষতা, আমাৰ নিজস্বতাক ধ্বংস কৰি আমাক পাশ্চাত্য‌ই যি শিকায় তাকেই বেদবাক্য বুলি মানি চলিবলৈ বাধ্য কৰোৱাৰ এক কৌশল মাথো । তাতেই চকু দুটা জোৰকৈ মুদি চগা পৰাদি পৰি আমি নিজকে প্ৰগতিবাদী সজোৱাৰ প্ৰতিযোগিতাত নামি পৰিছো ।

                       গতিকে ইয়াতকৈ আৰু কি বিড়ম্বনা হব পাৰে ।

জাপানীজ এনকেফেলাইটিজৰ প্ৰতিষেধক আৰু অবাঞ্ছিত পৰিস্থিতি ।

জাপানীজ এনকেফেলাইটিজৰ প্ৰতিষেধকক লৈ যি অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি হৈছে বা জন্ম নিৰোধক বুলি যি উৰাবাতৰি প্ৰচাৰ হৈছে । তাৰ মূলত কিন্তু কেৱল অশিক্ষিত মানুহৰ অন্ধবিশ্বাস দায়ী নহয় । যদি অশিক্ষিত মানুহৰ অন্ধবিশ্বাসেই ইয়াৰ কাৰণ হলহেতেন , তেন্তে সেই অঞ্চলৰ মানুহ বিলাকে কাহানিও বেজী লোৱাৰ উদাহৰণ নাথাকিলহেতেন । আমি সকলোৱে জানো যে যিবোৰ অঞ্চলত এই বিশেষ বেজীটোক লৈ উৰাবাতৰিৰ প্ৰভাৱ পৰিছে সেই অঞ্চলৰ মানুহবোৰেও ইমানদিন কিন্তু ডাক্তৰ অথবা লোকেল ডাক্তৰ (ফাৰ্মাচী) ৰ পৰা বেজী লৈ আহিছিল । গতিকে এয়া বেজীৰ প্ৰতি থকা অন্ধবিশ্বাস হব‌ই নোৱাৰে ।
                   এই উৰাবাতৰি প্ৰচাৰৰ আৰত নিশ্চতভাৱে একেবাৰে অশিক্ষিত মানুহখিনি জড়িত নহয় । ইয়াৰ আৰত আছে কিছু জনা-বুজা, শিক্ষত আৰু কিছু অৰ্দ্ধ-শিক্ষিত লোক । যি সকলে কোনো নিকৃষ্ট ৰাজনৈতিক পৰিকল্পনা অনুযায়ী এই অপপ্ৰচাৰ চলাইছে সেইসকলৰ মাজত , যিসকল অশিক্ষিত মানুহে চিৰকাল এইসকলক সৰ্বজান্তা বুলি ভাৱি ভুল কৰি আহিছে । ৰাজনৈতিক কাৰকৰ কথা এই কাৰণেই ধাৰণা কৰিছো যে কিছুমানৰ মতে এই বেজী RSS ৰ বেজী আৰু বন্ধ্যাকৰণৰ উদ্দেশ্যেহে এই বেজী দিব ওলাইছে বিজেপিৰ চৰকাৰখনে । গতিকে বিজেপিৰ প্ৰতি এচাম মানুহৰ মাজত পূৰ্বৰে পৰা প্ৰচলিত প্ৰচাৰ বা অপপ্ৰচাৰত আৰু অলপ সংযোগ কৰাৰ চেষ্টা যেন কৰা হৈছে এই অপপ্ৰচাৰৰ যোগেদি ।
               এনে ধৰণৰ ঘটনাক উদ্দেশ্যপ্ৰণোদিত অপপ্ৰচাৰ বুলি এইকাৰণেই কৈছো যে পূৰ্বতেও এনে ধৰণৰ অপপ্ৰচাৰৰ সাক্ষী আছিলো । বিশেষকৈ ৰাভা হাছঙৰ আন্দোলনৰ সময়চোৱাত । সেই সময়ত ৰাভা- অনাৰাভা সংঘাটৰ মূলতে আছিল এই ধৰণৰে অপপ্ৰচাৰ । বহু জনা বুজা মানুহৰ মুখতো ৰাভা হাছঙক লৈ উদ্ভত মনেসজা মন্তব্য শুণি আচৰিত হৈছিলো । পিছে ৰাভা হাছঙৰ পৰিষদ গঠণৰ পিছত কি হল সেয়া সেই সময়ত অপপ্ৰচাৰত ভাগ লোৱা সকলেও দেখিছে ।
                শেষত ক‌ওঁ যে অশিক্ষত নুবুজা মানুহখিনিত বুজোৱাৰ দায়িত্ব আমাৰ দৰে অলপ জনা-শুণা আৰু আমাতকৈও অধিক জনা-বুজা মানুহখিনিৰে । আমিয়েই যদি অশিক্ষিত মানুহখিনিক বুজোৱাৰ সলনি এই ধৰণৰ বিকৃত অপপ্ৰচাৰত ভাগ ল‌ওঁ , তেন্তে সমাজখন জহান্নামে যাবলৈ কি বাকী থাকিব । গতিকে সকলোৱে নিজৰ কাষৰ জনক আচল কথাবোৰ বুজোৱাৰ চেষ্টা কৰক । কেৱল এই বেজীটোৰ বিষয়তে নহয়, অইন বিষয়তো ।

JNU কাণ্ড আৰু সাম্প্ৰতিক ৰাজনীতি ।

সমসাময়িক ৰাজনীতিত নিজৰ প্ৰাসংগিকতা বিচাৰি তত নোপোৱা একো-একোজন তথাকথিত সৰ্বহাৰৰ ত্ৰাণকৰ্তা তথা বাওমতাদৰ্শীৰ হঠাৎ ভূমিস্থ হোৱা উদ্ভট মন্তব্যবোৰৰ আৰৰ ৰহস্য কি ?

                  হঠাতেই এজনৰ পিছত এজনকৈ  কেতবোৰ বিতৰ্ক সৃষ্টি কৰিব পৰা মন্তব্য কৰি নিজকে যেন চৰ্চাৰ কেন্দ্ৰলৈ আনিব বিচাৰিছে । প্ৰথমে কেৰেলাৰ এজন বাওদলৰ নেতাই ভাৰতীয় সেনাৰ বিৰূদ্ধে এক আপত্তিজনক মন্তব্য কৰিলে । তাৰ পিছত একেই মতাদৰ্শত বিশ্বাসী জনৈক বেনাৰ্জী নে কি নামৰ এজনে । তাৰ পিছত সদা বিপৰীত মেৰুত এলিয়েনৰ দৰে অৱস্থান গ্ৰহণ কৰা য়েচুৰী আৰু কাৰাট ।

                  এই আটাইকেইজনেই দেশমাতৃৰ হকে সৰ্বদা ত্যাগ স্বীকাৰ কৰিবলৈ প্ৰস্তুত ভাৰতীয় সেনাৰ বিষয়ে ৰাজহুৱাকৈ যি ধৰণৰ আপত্তিজনক মন্তব্য আগবঢ়ালে , সেইবোৰে বাৰু নিজৰ ঘৰ-পৰিয়াল এৰি দেশৰ সুৰক্ষাত ব্যস্ত সৈনিক সকলক মানসিকভাৱে দুৰ্বল নকৰিবনে ?

               অৱশ্যে এই বাও মতাদৰ্শৰ লোকৰ পৰা দেশৰ সুৰক্ষাত আঘাট হানিব পৰা মন্তব্য এয়ে প্ৰথম নহয় । ইয়াৰ পুৰ্বেও JNU কাণ্ডৰ মূল তথা বাও ব্ৰিগেদৰ ষড়যন্ত্ৰৰ পৰীক্ষাগাৰত উৎপাদিত কানাইয়াইও সেনাৰ বিৰূদ্ধে মন্তব্য কৰিছিল ।

                    এইপ্ৰসংগত উনুকিয়াব পাৰি যে আমাৰ অসমীয়াৰ স্বয়ম্ভু বিবেক স্বৰূপ গোহাইদেবেও কেইবছৰমান আগতে এবাৰ জমিয়তৰ অধিবেশন এখনত  ভাৰতীয় চোৰাংচোৱাত হিন্দুত্ববাদীৰ এজেন্ট প্ৰৱেশ কৰিছে বুলি মন্তব্য কৰা বাতৰি কাকতত পঢ়িবলৈ পাইছিলো ।

                দৰাচলতে এনেবোৰ কথা-কাণ্ডৰে এওঁলোকে কি বুজাব বিচৰিছে ? এয়া বিপদপন্ন হোৱা অস্তিত্ব পুণৰুদ্ধাৰৰ মূঢ় প্ৰচেষ্টা নে বিমুদ্ৰাকৰণ , হাৱালা তালাচীৰ বিৰূপ প্ৰভাৱৰ হেচাত পৰি মৰা চিৎকাৰ ? সময়ে নিশ্চয় সকলো প্ৰশ্নৰে উত্তৰ দিব ।

তিনিচুকীয়াত সন্দেহজনক আলফা সদস্যৰ গুলীত নিহত হিন্দীভাষী ।

তিনিচুকীয়াৰ ফিল'বাৰীৰ সেই নিৰীহ ৰাজেশ শ্বাহ আৰু কিশোৰী শ্বাহৰ মৃতদেহৰ কাষত পৰিয়ালৰ মানুহ কেইগৰাকীয়ে ইনাই বিনাই কন্দা দৃশ্য দেখি কাৰ হৃদয়ে কন্দা নাই ? কি অপৰাধ সেই দুৰ্ভগীয়া পৰিয়াল টোৰ কোনোবাই কব পাৰিবনে ? নে স্বাধীনতাৰ নামত এনে হত্যাযজ্ঞ কোনো বিদ্বানৰ দৃষ্টিত গ্ৰহণযোগ্য ? সততে ৰাষ্ট্ৰযন্ত্ৰ, দখলদাৰী বাহিনী, সাৰ্বোভৌমত্ব ইত্যাদি শব্দৰে নিজকে অসমীয়াৰ ভাগ্যনিয়ন্তা সজাবলৈ চেষ্টা কৰি থকাসকলে পাৰিবনে ইয়াৰ উত্তৰ দিব ? যদি নোৱাৰে কোনে দিলে আপোনালোকক নৰহত্যাৰ অধিকাৰ ? কোনে দিলে আপোনালোকক আমাৰ ভৱিষ্যতক এক সীমিত পৰিধিৰ মাজত ক্ৰমাত্ আৱদ্ধ কৰাৰ অধিকাৰ ? আপোনালোকৰ কুকৰ্মৰ বাবেই যদি কাইলৈ অসমৰ বাহিৰত অসমবাসীয়ে নিৰাপত্তা হেৰুৱাব লগীয়া হয় , তাৰ বাবে আপোনালোকে দোষ স্বীকাৰ কৰি লৱনে ? আপোনালোকৰ প্ৰয়োজন নাথাকিব পাৰে ভাৰতৰ বাকী ভুখণ্ডৰ ভিতৰলৈ যোৱাৰ ; কাৰণ আপোনালোকৰ উপাৰ্জনৰ অন্য পথ আছে । আনকি তথাকথিত মুলসুতিত থাকিও সেই পথৰে সমৰ্থক হৈ থকা সকলৰো আছে চৰকাৰী সা-সুবিধা । পিছে অসমৰ লাখ লাখ কৰ্মসংস্থাপনহীন যুৱক যুৱতী সকল যে যাৱই লাগিব অসমৰ বাহিৰলৈ ।
ইমানৰ পিছতো যদি অলপ হলেও মানৱীয় গুণ বাকী আছে , তেন্তে সেই নৰহত্যাকাৰী আদৰ্শক আগলৈ ৰাইজৰ সম্মুখত সমৰ্থন কৰিবনে?

নগাঁওত ব্যৱসায়ীৰ দ্বাৰা ছালফাক আক্ৰমণ ।

নগাওঁৰ ঘটনাত সম্পূৰ্ণ একপক্ষীয়ভাৱে (CCTV ৰ ফুটেজ মতে) কেইজনমান ব্যৱসায়ীয়ে কেইজনমান ছালফাক কৰা শাৰিৰীক দূৰ্ব্যৱহাৰ দৃশ্যই মোৰ দৰে হাজাৰজন অসমীয়াৰ মনত এক ক্ষোভৰ সৃষ্টি কৰিলে । সৰ্বত্ৰ তাৰ প্ৰতিবাদ হ'ল । ভাল লাগিছে যে আমাৰ আত্মসন্মানত আঘাট কৰা কাৰ্যৰ প্ৰতিবাদ কৰিবলৈ আমি সকলো একগোট হৈছো । এয়া এক শুভ লক্ষণ ।

বঙালীসকলৰ জাতীয়বোধ অতি উচ্ছ । সেয়া স্বাভাৱিক । সেই  জাতীয়তা বোধৰ বাবেই বঙালীসকল বৃহৎ ভাৰতীয় জাতিসত্বাৰ ভিতৰত এটা লেখত লৱলগীয়া জাতি হিচাপে পৰিচিত হৈ আহিছে । আনকি বঙালীৰ এই জাতীয়তাবোধৰ বাবেই চতুৰ ইংৰাজে Divide and rule policy অনুসৰি বংগ ভংগৰ কৌশল ৰচনা কৰিছিল ।

বৃহৎ ভাৰতীয় জাতিসত্বাৰ ভিতৰৰ প্ৰতিটো ক্ষুদ্ৰাতিক্ষুদ্ৰ জাতিয়ে নিজৰ বুলি পৰিচিত এক নিৰ্দিষ্ট ভূখণ্ডৰ মাজত  স্ব-জাতীয়তাবোধৰ পৰিচয়েৰে আৰু আত্মসন্মানেৰে জীয়াই থাকিব বিচাৰে । অসম নামৰ ভূখণ্ডৰ মাজত অসমীয়া সকলো ইয়াৰ ব্যতিক্ৰম হব নোৱাৰে । কিন্তু যেতিয়াই কোনো অনা-অসমীয়া ব্যক্তি বা ব্যক্তিসমূহে আমাৰ এই ভূখণ্ডৰ মাজত তেওঁলোকৰ প্ৰাদেশিক জাতীয়তাবাদৰ উচ্ছাত্মিকাবোধ প্ৰদৰ্শন কৰে, তেতিয়াই সংঘাতৰ সৃষ্টি হয় । এটা কথা নিশ্চিত যে আমাৰ ভূখণ্ডৰ মাজত এই সংঘাতে অসমীয়াতকৈ বহুগুণে বেছি সেই বিশেষ অনা-অসমীয়া ব্যক্তি সমূহৰ হে ক্ষতি কৰিব ।

নগাওঁৰ ঘটনাটোও প্ৰাথমিক দৃষ্টিত সেই বিশেষ বঙালী ব্যক্তি কেইজনৰ নিজস্ব জাতীয় উচ্ছাত্মিকাবোধৰ ফলতেই হোৱা যেন লাগে । কাৰণ তেওঁলোকে অসমীয়া জাতিক লৈ কটু বাক্য প্ৰয়োগ কৰা বুলি মিডিয়াত প্ৰকাশিত হৈছে ।

এইখিনিতে এটা কথা স্পষ্ট কৰাটো প্ৰয়োজন যে মই সকলো অনা-অসমীয়া অথবা সকলো বঙালীক দোষী কৰিবলৈ যোৱা নাই । কাৰণ জোতিপ্ৰসাদ অথবা হেমাংগ বিশ্বাসৰ দৰে ব্যক্তি সকল অসমীয়া নোহোৱা স্বত্তেও যিকোনো অসমীয়াতকৈ বেছি অসমীয়া ।

শেষত, নগাওঁৰ ঘটনাৰ প্ৰতিবাদ সকলো অসমীয়াই যেনেদৰে কৰিছে, তেনেদৰে প্ৰতিজন অসমবাসীয়েই কৰাৰ প্ৰয়োজন আছিল ( অসমীয়া আৰু অসমবাসীৰ মাজৰ পাৰ্থক্যটো নিজেই বুজি ল'ব ) । কিন্তু প্ৰতিবাদৰ ঢৌ নিজৰ অনুকুলে বোৱাবলৈ চেষ্টা কৰা কিছু ব্যক্তি বা সংগঠনে বুজি লোৱাৰ দৰকাৰ যে এই প্ৰতিবাদ অসমীয়া জাতীয়তাবাদৰ ওপৰত হোৱা আক্ৰমণৰ  প্ৰতিবাদহে; কোনো শিশু হত্যাকাৰী, পৰাগ দাস হত্যাকাৰীৰ সমৰ্থনত হোৱা প্ৰতিবাদ নহয় । গতিকে অযথা জিন্দাবাদ ধ্বনি দি লাভ নাই ।

জয় আই অসম ।

https://youtu.be/__wjyBjzrlk

https://youtu.be/WGSekhqvK-g

https://youtu.be/ILhiaaxCfIc

কাজিৰঙাৰ উচ্ছেদ ।

কোনো ধৰণৰ হত্যা কেতিয়াও গ্ৰহনযোগ্য নহয় । কাজিৰঙাত নিহত হোৱা দুজনৰ মৃত্যুও । কিন্তু মৃতক দুজনৰ ধৰ্ম পৰিচয়ক লৈ ৰাজনীতি কৰাটোও গৰিহণাযোগ্য । কিয় ৰাজনৈতিক মুনাফা লাভৰ চেষ্টাত মৃতক দুজনৰ গাত ধৰ্মৰ প্ৰলেপ সানি মুল ঘটনাটোক অন্যফালে ঢাল খুৱাবলৈ চেষ্টা কৰা হ'ল । নে এয়া কাৰোবাৰ পৰিকল্পনাৰ অংশ । যাতে এক সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰি সমগ্র উচ্ছেদ প্ৰক্ৰিয়াটোক স্থবিৰ কৰিব পৰা যায় । ইয়াৰ ফলত কাৰ কি লাভ হব । কোনোবাই কব পাৰে যে বন্য জন্তু কেইটামানৰ সুৰক্ষাৰ বাবে মানৱক হত্যা কৰা হ'ল । কথাটো তেনেদৰে ব্যাখ্যা কৰাটো ভুল হব । কাৰণ আমি জীৱশ্ৰেষ্ঠই বহু আগৰে পৰাই বন্য জীৱ জন্তুৰ সীমা সংকুচিত কৰি বেদখল কাৰ্য্য চলাই আছো । যাৰ পৰিণতিতেই আজি হাতী মানুহৰ সংঘাত । শেষত গৈ ৰ'লগৈ সংৰক্ষিত বনাঞ্চল সমুহ । সেইখিনিৰ মোহো যদি এৰিব নোৱাৰো তেন্তে ধিক জীৱশ্ৰেষ্ঠৰ স্বীকৃতি । জানিবলৈ পোৱা মতে ন্যায়ালয়ে বহু আগতেই উচ্ছেদৰ আদেশ দিছিল কিন্তু পুৰ্বৱৰ্তী চৰকাৰখনে ভোটৰ লালসাতে হওঁক বা অইন কিবা ( চোৰাং চিকাৰী - ৰাজনৈতিক নেতা নেক্সাচ জাতীয় ) কাৰণতেই হওঁক সেয়া নকৰিলে । এইখন চৰকাৰে কৰিবলৈ গ'ল । কিন্তু তাতে হ'ল গণ্ডোগোলটো । অসমৰ বিখ্যাত কৃষকনেতা জনে বনাঞ্চলখনৰ ভৱিষ্যত চিন্তা নকৰাকৈ মানুহবোৰক উচতনি দিলে । কিছুমানে তেওঁৰ কথা নুশুনি সেই ঠাই পৰিত্যাগ কৰিলে আৰু আন কিছুমানে উচতনিত ভোল গৈ অবৈধ প্ৰতিৰোধ গঢ়িবলৈ চেষ্টা কৰিলে । যাৰ পৰিনতিতেই দুটা জীৱন হেৰাই গ'ল । যি অতিকৈ দুখজনক ।

গতিকে এজন সাধাৰণ নাগৰিক হিচাবে আমি বিচাৰো এনে ঘটনাৰ পুনৰাবৃত্তি নহওঁক । চৰকাৰ আৰু অধিক সচেতন হওঁক । ভণ্ড নেতাসকলে ভণ্ডামি কৰিবলৈ ভয় খোৱাকৈ পৰিবেশ এটাৰ সৃষ্টি হওঁক । বুদ্ধিজীৱি সকলেও নিজৰ বুদ্ধি অস্তিত্ব জাহিৰ কৰা অথবা মতবাদৰ শুদ্ধতা প্ৰতিপন্ন কৰিবলৈ ব্যৱহাৰ কৰাৰ সলনি জনসাধাৰণৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰক ।

ধৰ্ম মানে সহজ অৰ্থত ন্যায়।

ধৰ্ম মানে সহজ অৰ্থত ন্যায়। ধাৰ্মিক মানে কেৱল পূজা বা উপাসনা কৰা মানুহক নুবুজায়।  মহাভাৰতৰ বিশেষ গুৰুত্বপূৰ্ণ চৰিত্ৰ যুধিষ্ঠিৰক ধৰ্মৰাজ ব...