Offer

Thursday, 25 October 2018

কাজিৰঙাৰ উচ্ছেদ ।

কোনো ধৰণৰ হত্যা কেতিয়াও গ্ৰহনযোগ্য নহয় । কাজিৰঙাত নিহত হোৱা দুজনৰ মৃত্যুও । কিন্তু মৃতক দুজনৰ ধৰ্ম পৰিচয়ক লৈ ৰাজনীতি কৰাটোও গৰিহণাযোগ্য । কিয় ৰাজনৈতিক মুনাফা লাভৰ চেষ্টাত মৃতক দুজনৰ গাত ধৰ্মৰ প্ৰলেপ সানি মুল ঘটনাটোক অন্যফালে ঢাল খুৱাবলৈ চেষ্টা কৰা হ'ল । নে এয়া কাৰোবাৰ পৰিকল্পনাৰ অংশ । যাতে এক সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰি সমগ্র উচ্ছেদ প্ৰক্ৰিয়াটোক স্থবিৰ কৰিব পৰা যায় । ইয়াৰ ফলত কাৰ কি লাভ হব । কোনোবাই কব পাৰে যে বন্য জন্তু কেইটামানৰ সুৰক্ষাৰ বাবে মানৱক হত্যা কৰা হ'ল । কথাটো তেনেদৰে ব্যাখ্যা কৰাটো ভুল হব । কাৰণ আমি জীৱশ্ৰেষ্ঠই বহু আগৰে পৰাই বন্য জীৱ জন্তুৰ সীমা সংকুচিত কৰি বেদখল কাৰ্য্য চলাই আছো । যাৰ পৰিণতিতেই আজি হাতী মানুহৰ সংঘাত । শেষত গৈ ৰ'লগৈ সংৰক্ষিত বনাঞ্চল সমুহ । সেইখিনিৰ মোহো যদি এৰিব নোৱাৰো তেন্তে ধিক জীৱশ্ৰেষ্ঠৰ স্বীকৃতি । জানিবলৈ পোৱা মতে ন্যায়ালয়ে বহু আগতেই উচ্ছেদৰ আদেশ দিছিল কিন্তু পুৰ্বৱৰ্তী চৰকাৰখনে ভোটৰ লালসাতে হওঁক বা অইন কিবা ( চোৰাং চিকাৰী - ৰাজনৈতিক নেতা নেক্সাচ জাতীয় ) কাৰণতেই হওঁক সেয়া নকৰিলে । এইখন চৰকাৰে কৰিবলৈ গ'ল । কিন্তু তাতে হ'ল গণ্ডোগোলটো । অসমৰ বিখ্যাত কৃষকনেতা জনে বনাঞ্চলখনৰ ভৱিষ্যত চিন্তা নকৰাকৈ মানুহবোৰক উচতনি দিলে । কিছুমানে তেওঁৰ কথা নুশুনি সেই ঠাই পৰিত্যাগ কৰিলে আৰু আন কিছুমানে উচতনিত ভোল গৈ অবৈধ প্ৰতিৰোধ গঢ়িবলৈ চেষ্টা কৰিলে । যাৰ পৰিনতিতেই দুটা জীৱন হেৰাই গ'ল । যি অতিকৈ দুখজনক ।

গতিকে এজন সাধাৰণ নাগৰিক হিচাবে আমি বিচাৰো এনে ঘটনাৰ পুনৰাবৃত্তি নহওঁক । চৰকাৰ আৰু অধিক সচেতন হওঁক । ভণ্ড নেতাসকলে ভণ্ডামি কৰিবলৈ ভয় খোৱাকৈ পৰিবেশ এটাৰ সৃষ্টি হওঁক । বুদ্ধিজীৱি সকলেও নিজৰ বুদ্ধি অস্তিত্ব জাহিৰ কৰা অথবা মতবাদৰ শুদ্ধতা প্ৰতিপন্ন কৰিবলৈ ব্যৱহাৰ কৰাৰ সলনি জনসাধাৰণৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰক ।

No comments:

Post a Comment

ধৰ্ম মানে সহজ অৰ্থত ন্যায়।

ধৰ্ম মানে সহজ অৰ্থত ন্যায়। ধাৰ্মিক মানে কেৱল পূজা বা উপাসনা কৰা মানুহক নুবুজায়।  মহাভাৰতৰ বিশেষ গুৰুত্বপূৰ্ণ চৰিত্ৰ যুধিষ্ঠিৰক ধৰ্মৰাজ ব...