সমসাময়িক ৰাজনীতিত নিজৰ প্ৰাসংগিকতা বিচাৰি তত নোপোৱা একো-একোজন তথাকথিত সৰ্বহাৰৰ ত্ৰাণকৰ্তা তথা বাওমতাদৰ্শীৰ হঠাৎ ভূমিস্থ হোৱা উদ্ভট মন্তব্যবোৰৰ আৰৰ ৰহস্য কি ?
হঠাতেই এজনৰ পিছত এজনকৈ কেতবোৰ বিতৰ্ক সৃষ্টি কৰিব পৰা মন্তব্য কৰি নিজকে যেন চৰ্চাৰ কেন্দ্ৰলৈ আনিব বিচাৰিছে । প্ৰথমে কেৰেলাৰ এজন বাওদলৰ নেতাই ভাৰতীয় সেনাৰ বিৰূদ্ধে এক আপত্তিজনক মন্তব্য কৰিলে । তাৰ পিছত একেই মতাদৰ্শত বিশ্বাসী জনৈক বেনাৰ্জী নে কি নামৰ এজনে । তাৰ পিছত সদা বিপৰীত মেৰুত এলিয়েনৰ দৰে অৱস্থান গ্ৰহণ কৰা য়েচুৰী আৰু কাৰাট ।
এই আটাইকেইজনেই দেশমাতৃৰ হকে সৰ্বদা ত্যাগ স্বীকাৰ কৰিবলৈ প্ৰস্তুত ভাৰতীয় সেনাৰ বিষয়ে ৰাজহুৱাকৈ যি ধৰণৰ আপত্তিজনক মন্তব্য আগবঢ়ালে , সেইবোৰে বাৰু নিজৰ ঘৰ-পৰিয়াল এৰি দেশৰ সুৰক্ষাত ব্যস্ত সৈনিক সকলক মানসিকভাৱে দুৰ্বল নকৰিবনে ?
অৱশ্যে এই বাও মতাদৰ্শৰ লোকৰ পৰা দেশৰ সুৰক্ষাত আঘাট হানিব পৰা মন্তব্য এয়ে প্ৰথম নহয় । ইয়াৰ পুৰ্বেও JNU কাণ্ডৰ মূল তথা বাও ব্ৰিগেদৰ ষড়যন্ত্ৰৰ পৰীক্ষাগাৰত উৎপাদিত কানাইয়াইও সেনাৰ বিৰূদ্ধে মন্তব্য কৰিছিল ।
এইপ্ৰসংগত উনুকিয়াব পাৰি যে আমাৰ অসমীয়াৰ স্বয়ম্ভু বিবেক স্বৰূপ গোহাইদেবেও কেইবছৰমান আগতে এবাৰ জমিয়তৰ অধিবেশন এখনত ভাৰতীয় চোৰাংচোৱাত হিন্দুত্ববাদীৰ এজেন্ট প্ৰৱেশ কৰিছে বুলি মন্তব্য কৰা বাতৰি কাকতত পঢ়িবলৈ পাইছিলো ।
দৰাচলতে এনেবোৰ কথা-কাণ্ডৰে এওঁলোকে কি বুজাব বিচৰিছে ? এয়া বিপদপন্ন হোৱা অস্তিত্ব পুণৰুদ্ধাৰৰ মূঢ় প্ৰচেষ্টা নে বিমুদ্ৰাকৰণ , হাৱালা তালাচীৰ বিৰূপ প্ৰভাৱৰ হেচাত পৰি মৰা চিৎকাৰ ? সময়ে নিশ্চয় সকলো প্ৰশ্নৰে উত্তৰ দিব ।

No comments:
Post a Comment