# বিজয়া দশমী সম্পৰ্কে কিছু কথা #
দুৰ্গা পূজাৰ আৰম্ভণি মহালয়াৰ দিনৰ পৰাই হয় । ইয়াৰ পৰাই দেৱীপক্ষৰ সুচনা হয় । ইয়াৰ ঠিক পাঁচদিন পিছত মহাষষ্ঠীৰ দিনা দেৱীৰ বৰণ , আমন্ত্ৰণ আৰু অধিবাস কৰা হয় । মহাসপ্তমীত নৱপত্ৰিকা প্ৰৱেশ, স্থাপন আৰু সপ্তমীবিহিত পূজা । সেইদৰে মহাষ্টমী আৰু মহানৱমীত যথাবিহিত পূজা । তাৰ পিছত আহিল বিজয়া দশমী । কিন্তু এই দশমী তিথিটোক "বিজয়া দশমী" কিয় কোৱা হয় ?
বিজয়া দশমীৰ দিনটোতেই আন এক উৎসৱ পালন কৰা হয় । সেয়া হ'ল "দশেৰা" । দশেৰা শব্দটো "দহশিৰ" অৰ্থাৎ "ৰাৱণ"ৰ পৰা আহিছে । বাল্মীকিৰ "ৰামায়ণ" অনুসৰি আহিন মাহৰ এই শুক্লা দশমী তিথিতেই ৰামে ৰাৱণক বধ কৰিছিল । সেইবাবেই ঠাই বিশেষে ৰাৱণৰ মূৰ্তি সাজি জ্বলাই দিয়াৰ নিয়ম পালন কৰা হয় ।
ৰাৱণ বধ কৰি সীতা সহিতে প্ৰভু ৰামচন্দ্ৰ লংকাৰ পৰা প্ৰত্যাৱৰ্তন কৰি ঠিক আহিন মাহৰ ৩০ তম দিনটোত অযোধ্যাত উপস্থিত হয় । অযোধ্যাত উপস্থিত হোৱাৰ দিনা প্ৰজাগণে সীতা মা , প্ৰভু ৰামচন্দ্ৰ সহিতে সমস্ত সেনানী সকলক আদৰিবলৈ পদূলিত কলপুলি পুতি তাত চাঁকি জ্বলাইছিল । সেই দিনটোৱেই হ'ল পোহৰৰ উৎসৱ "দীপাৱলী" ।
আকৌ মহাভাৰতৰ কাহিনী অনুসৰি আহিন মাহৰ এই শুক্লা দশমী তিথিতেই পাণ্ডৱসকলে দ্বাদশ বছৰ অজ্ঞাত বাস সামৰি শমীবৃক্ষৰ তলত লুকাই থোৱা তেওঁলোকৰ অস্ত্ৰভাণ্ডাৰৰ পুনৰুদ্ধাৰ কৰে আৰু ছদ্মবেশমুক্ত হৈ নিজৰ প্ৰকৃত পৰিছয় ঘোষণা কৰে । সেইবাবেই অঞ্চল বিশেষে বিজয়া দশমীৰ দিনাই "অস্ত্ৰপূজন"ৰ অনুষ্ঠান উদযাপন কৰা হয় ।
No comments:
Post a Comment