এক সুপৰিকল্পিত প্ৰতিযোগিতা চলিছে , নিজকে প্ৰগতিবাদী সজোৱাৰ । কিছু চতুৰ স্বাৰ্থপৰ দালালে সুপৰিকল্পিত ভাবে আৰম্ভ কৰে কোনো বিতৰ্কৰ আৰু তাৰ মাজত অতি সুচতুৰ ভাৱে এনেকুৱা এটা মনোভাৱ সুমুৱাই দিয়া হয় যেন সেই মতৰ সমৰ্থন কৰাসকলহে প্ৰগতীবাদী আৰু বিৰোধিতা কৰাসকল আদিম চিন্তাধাৰৰ বৰ্বৰ মানসিকতা সম্পন্ন। তাকে দেখি আমাৰ নদাই-ভদাই , লাদুৰী-মাদুৰী এচামো জপিয়াই পৰে সেই বিতৰ্কত । সকলোকে প্ৰগতিবাদী হোৱাৰ প্ৰমানপত্ৰ খন লাগে । কোনেনো বাৰু দেখ দেখকৈ পুৰনি চিন্তাধাৰৰ লেবেলখন নিজৰ কপালত লগাব বিচাৰে ।
সংস্কৃত প্ৰায়বোৰ ভাৰতীয় ভাষাৰেই জননী । আনকি আমাৰ মাতৃভাষা অসমীয়াৰো । (অৱশ্যে নব্য চিন্তাধাৰাৰ বুলি জহাব বিচৰা কোনোৱে মোৰ মতৰ বিৰোধিতা কৰিলেও আচৰিত হব লগা নাই ।) সংস্কৃত ভাষাৰ মাধ্যমতেই ভাৰতৰ শিক্ষা ব্যবস্থাই এসময়ত সমসাময়িক বিশ্বত গুৰু হিচাপে প্ৰতিস্থিত আছিল । পৰবৰ্তী সময়ত প্ৰতিকুল পৰিস্থিতিত এই ঐতিহ্যমণ্ডিত ভাষা লুপ্তপ্ৰায় হৈ পৰিল । স্বাধীন ভাৰতৰ সংবিধানত এই ভাষাৰ উৎকৰ্ষৰ বাবে উল্লেখ থাকিল যদিও ফলাফল বৰ বিশেষ চকুত নপৰিল । তাৰ সলনি বিশেষ কিছু চক্ৰৰ পৰোক্ষ প্ৰৰোচনাত সংস্কৃতৰ বিষয়ে আমাৰ মনত এনে এক ধাৰনা সৃষ্টি কৰা হল যে সংস্কৃত এটা মাত্ৰ সনাতন হিন্দু ধৰ্মৰ সৈতে জড়িত বৈজ্ঞানিক সমলবিহীন ভাষা । অথচ কোন তাহানিতেই সংস্কৃত ভাষাত যোগ, আয়ুৰ্বেদ, জ্যোৰ্তিবিজ্ঞান, স্থপতিবিদ্যাৰ দৰে বহু প্ৰায়োগিক বিজ্ঞানৰ চৰ্চা হৈছিল । গতিকে সংস্কৃত চৰ্চাই আমাক পিছুৱাই লৈ যাব বুলি যি পৰিকল্পিত প্ৰচাৰ চলোৱা হৈচে সেয়াও দৰাচলতে প্ৰগতিবাদী চিন্তাৰ নামত আমাৰ ঐতিহ্য, আমাৰ বিশ্বাস, আমাৰ দক্ষতা, আমাৰ নিজস্বতাক ধ্বংস কৰি আমাক পাশ্চাত্যই যি শিকায় তাকেই বেদবাক্য বুলি মানি চলিবলৈ বাধ্য কৰোৱাৰ এক কৌশল মাথো । তাতেই চকু দুটা জোৰকৈ মুদি চগা পৰাদি পৰি আমি নিজকে প্ৰগতিবাদী সজোৱাৰ প্ৰতিযোগিতাত নামি পৰিছো ।
গতিকে ইয়াতকৈ আৰু কি বিড়ম্বনা হব পাৰে ।

No comments:
Post a Comment