এইবাৰ বৰষুণ কম । হাল বাই সাজু কৰি ৰখা পথাৰবোৰত ৰোৱনী নামিব পৰা নাই পানীৰ অভাৱত। তাৰ ওপৰত আৰু এই খাওঁ খাওঁ ৰ'দজাক। কিছুমানে কৃত্ৰিম উপায়েৰে জলসিঞ্চন কৰি হ'লেও ভূই ৰোৱাৰ চেষ্টা চলাইছে। কিন্তু দুদিন পিচতেই যেতিয়া প্ৰখৰ ৰ'দত পথাৰত পানী শুকাই খৰ লাগে তেতিয়া দেখিলেই দুখ লাগে। ইমান ৰ'দত ইমান পৰিশ্ৰম কৰিও অথলে গ'ল।
ধন্য মানিছো কৃষকসকলৰ সহ্য শক্তিক। যিসময়ত আমি ঘৰৰ বাহিৰ ওলাবলৈ দহবাৰ চিন্তা কৰিবলগীয়া হয় অথবা কাৰেণ্ট যোৱাৰ লগে লগে ফেনখনলৈ মুখ মেলি চাই ৰৈ থাকো, সেই সময়ত কৃষকসকলে এই প্ৰখৰ উত্তাপকো নেওচি পথাৰত ব্যস্ত হৈ পৰে আমাৰ বাবেই খাদ্য উৎপাদন কৰিবলৈ।
বহুত সাজোন- কাচোন কৰি আকাশখনে বৰষুণ অহাৰ আগজাননী এটা দিছিল। এজাক ধুমুহাও আহিছিল। কিন্তু আশা কৰা ধৰণে বৰষুণ জাক নাহিল। ভালকৈ চোতালখনেই তিতাব নোৱাৰিলে। অৱশ্যে গৰম বহু কমি গ'ল ।
এইযে বৰষুণ কম হোৱা অথবা সঠিক সময়ত নোহোৱা, অতিপাত উত্তাপ বৃদ্ধি- এইবোৰ বাৰু কিহৰ বাবে হ'বলৈ লৈছে ? আমাৰ ভুলৰ বাবেই নহয় জানো ? হকে বিহকে গছ-গছনি কটা আৰু বনাঞ্চল তহিলং কৰাৰেই ফল এইবোৰ। কোনোবাই বাৰু হিচাপ কৰিছেনে তেওঁ জীৱনত যিমান গছ কাটিছে তাৰ বিনিময়ত কিমান গছ ৰুইছে ?
মনত ৰাখিব, অতিপাত গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ আমি কল্ডড্ৰিংক খালেই পৃথিৱীখন শীতল হৈ নাযায়। পৃথিৱীখন শীতল কৰিবলৈ আমি পৃথিৱীখনক সেউজীয়াও কৰিব লাগিব।

No comments:
Post a Comment