Offer

Sunday, 21 October 2018

ভুতৰ গল্প


                       গলগলীয়া মাতেৰে কৰিম হাজী (অৱশ্যে তেতিয়ালৈ হাজী হোৱা নাই)। কথা কৈ থাকিলে এনেহে লাগে যেন ৰেডিঅত বাতৰি পঢ়িছে । ৭০ ৰ পৰা ৮০ চনৰ সময়চোৱাৰ গাঁৱৰ পৰিবেশত ৰেডিঅৰ বাতৰিৰ বাহিৰেনো কি বেলেগ বাতৰিৰ কথা ভাবিব । পৰিবহন নিগমৰ কৰ্মচাৰী অমল চক্ৰৱৰ্তীৰ পৈতৃক বাসগৃহৰ বাৰাণ্ডাত এখন চকীৰ দৰে আউজি বহিব পৰা কাঠৰ বেঞ্চ । তাতেই সন্ধিয়া লাগিলেই হাজিৰ হয় পিছফালৰ গাওঁখনৰ কৰিম হাজী । চক্ৰৱৰ্তী আৰু হাজী দুয়ো বাল্য বন্ধু  যদিওবা পুৰণা সম্পৰ্কৰ দোহাই দি হাজীয়ে চক্ৰৱৰ্তীক খুড়া বুলি সম্বোধন কৰে । দুয়ো সুখ-দুখৰ নানা কথা পাতে । চক্ৰৱৰ্তীয়ে দিনটো গোৱালপাৰা চহৰৰ পৰিবহন নিগমৰ কাৰ্যালয়ৰ নানা অভিজ্ঞতা বৰ্ণনা কৰে হাজীৰ আগত । মুঠৰ ওপৰত দিনটোৰ ব্যস্ততাৰ অন্তত সন্ধিয়াৰ এই বিশেষ সময় খিনিত হাজী চক্ৰৱৰ্তীৰ ঘৰলৈ অহাটো নৈমিত্তিক ঘটনা ।

                          এই নৈমিত্তিক পৰিঘটনাই আন কাকো আমনি নকৰিলেও আমনি কৰিছিল চক্ৰৱৰ্তীৰ সৰু পুত্ৰ দীপুক আৰু চক্ৰৱৰ্তীৰ ঘৰতে থাকি পঢ়া-শুনা কৰা ভাগিন অনিলক । আগতেই উল্লেখ কৰাৰ দৰে  হাজী চাহাবৰ গলগলীয়া মাতটোৱে বাৰুকৈয়ে আহুকাল কৰিছিল হাইস্কুলীয়া ছাত্ৰ দীপু আৰু অনিলক ।

                        হাজীচাহাবৰ ঘৰলৈ যোৱা পথৰ কাষতে চক্ৰৱৰ্তী বংশৰ কালীৰ থানখন । আহোতে হাজী চাহাবে বৰ বেছি এইবোৰলৈ ভ্ৰূক্ষেপ নকৰিলেও ৰাতি উভতি যাবৰ পৰত থানখনৰ কাষ পালেই বুকুখন চিৰিংকৈ উঠে । নিজে আজিলৈকে একো অস্বাভাৱিক ঘটনাৰ সাক্ষী হোৱা নাই যদিও বহু মানুহে এইখিনি ঠাইত বহু কিবা কিবি দেখা বুলি কয় । চক্ৰৱৰ্তীক এই বিষয়ে সুধিলে একো ভয়ৰ কাৰণ নাই বুলি কয় । তথাপিও কেতিয়াবা বৰকৈ মনটো খু দুৱাই থাকিলে চক্ৰৱৰ্তীয়ে এইখিনি লৈকে আগবঢ়াই দিয়ে ।

                      এদিনৰ কথা । সন্ধিয়া আঠমান বাজিছে । হাজী ঘৰলৈ উভতিল । প্ৰথম কেকুৰিটো ঘুৰিলেই থানখন । সদায় যোৱাৰ দৰে সেইখিনি বেগাই পাৰ হৈ যাব লাগিব । কেকুৰিটো ঘুৰিছে মাত্ৰ । তেনেতে থানখনৰ ঠিক পোনো পোনে পথৰ ওপৰত এটা পোহৰ । পোহৰটো ৰৈ থকা নাই । লাহে লাহে পথটোৰ ওপৰেৰে পথালিকৈ চক্ৰৱৰ্তীহতৰ বাৰীলৈ বাট পোনাইছে । দৃশ্য দেখি হাজীৰ অৱস্থা কাহিল । ভাৱিলে মানুহে কোৱাবোৰ সঁচাই তেন্তে । ইয়াত কিবা সাংঘাতিক বস্তু আছে । আজিহে আজি । কি কৰো কি নকৰো ভাবি খুড়া, খুড়া বুলি চিঞৰি  উভতি দৌৰ দিলে চক্ৰবৰ্তীৰ চোতাললৈ । চক্ৰৱৰ্তীৰ আগত ঘতনাটো কোৱাত আগুৱাই যাৱলৈ ওলাল । টৰ্চ লাইটটো বিচাৰি দীপুক মতাত ঘৈনীয়েকে নিজে টৰ্চটো আনি দি ক'লে যে দীপু বাহিৰলৈ শৌচ কৰিবলৈ গৈছে । তেওঁলোক গৈ পায় মানে পোহৰটো অন্তৰ্ধান হৈছে । দুয়োজনে আগুৱাই গৈ চাৰিওফালে টৰ্চ মাৰি চাওঁতে হঠাৎ পথৰ ওখোৰা মোখৰা ঠাই এটুকুৰাত মম এডাল পৰি থকা দেখা পালে । কাষতে এটা গুৱৰুৱা পৰুৱা ওপৰমুৱা হৈ ভৰি কেইখন নচুৱাই আছে । পৰুৱাটো দাঙি চোৱাত তাৰ পিঠিত মমৰ টোপালৰ টিন দেখা পালে । চক্ৰৱৰ্তীৰ আৰু বুজিবলৈ বাকী নাথাকিল ঘটনাটো আচলতে কি ।

No comments:

Post a Comment

ধৰ্ম মানে সহজ অৰ্থত ন্যায়।

ধৰ্ম মানে সহজ অৰ্থত ন্যায়। ধাৰ্মিক মানে কেৱল পূজা বা উপাসনা কৰা মানুহক নুবুজায়।  মহাভাৰতৰ বিশেষ গুৰুত্বপূৰ্ণ চৰিত্ৰ যুধিষ্ঠিৰক ধৰ্মৰাজ ব...