নগাওঁৰ ঘটনাত সম্পূৰ্ণ একপক্ষীয়ভাৱে (CCTV ৰ ফুটেজ মতে) কেইজনমান ব্যৱসায়ীয়ে কেইজনমান ছালফাক কৰা শাৰিৰীক দূৰ্ব্যৱহাৰ দৃশ্যই মোৰ দৰে হাজাৰজন অসমীয়াৰ মনত এক ক্ষোভৰ সৃষ্টি কৰিলে । সৰ্বত্ৰ তাৰ প্ৰতিবাদ হ'ল । ভাল লাগিছে যে আমাৰ আত্মসন্মানত আঘাট কৰা কাৰ্যৰ প্ৰতিবাদ কৰিবলৈ আমি সকলো একগোট হৈছো । এয়া এক শুভ লক্ষণ ।
বঙালীসকলৰ জাতীয়বোধ অতি উচ্ছ । সেয়া স্বাভাৱিক । সেই জাতীয়তা বোধৰ বাবেই বঙালীসকল বৃহৎ ভাৰতীয় জাতিসত্বাৰ ভিতৰত এটা লেখত লৱলগীয়া জাতি হিচাপে পৰিচিত হৈ আহিছে । আনকি বঙালীৰ এই জাতীয়তাবোধৰ বাবেই চতুৰ ইংৰাজে Divide and rule policy অনুসৰি বংগ ভংগৰ কৌশল ৰচনা কৰিছিল ।
বৃহৎ ভাৰতীয় জাতিসত্বাৰ ভিতৰৰ প্ৰতিটো ক্ষুদ্ৰাতিক্ষুদ্ৰ জাতিয়ে নিজৰ বুলি পৰিচিত এক নিৰ্দিষ্ট ভূখণ্ডৰ মাজত স্ব-জাতীয়তাবোধৰ পৰিচয়েৰে আৰু আত্মসন্মানেৰে জীয়াই থাকিব বিচাৰে । অসম নামৰ ভূখণ্ডৰ মাজত অসমীয়া সকলো ইয়াৰ ব্যতিক্ৰম হব নোৱাৰে । কিন্তু যেতিয়াই কোনো অনা-অসমীয়া ব্যক্তি বা ব্যক্তিসমূহে আমাৰ এই ভূখণ্ডৰ মাজত তেওঁলোকৰ প্ৰাদেশিক জাতীয়তাবাদৰ উচ্ছাত্মিকাবোধ প্ৰদৰ্শন কৰে, তেতিয়াই সংঘাতৰ সৃষ্টি হয় । এটা কথা নিশ্চিত যে আমাৰ ভূখণ্ডৰ মাজত এই সংঘাতে অসমীয়াতকৈ বহুগুণে বেছি সেই বিশেষ অনা-অসমীয়া ব্যক্তি সমূহৰ হে ক্ষতি কৰিব ।
নগাওঁৰ ঘটনাটোও প্ৰাথমিক দৃষ্টিত সেই বিশেষ বঙালী ব্যক্তি কেইজনৰ নিজস্ব জাতীয় উচ্ছাত্মিকাবোধৰ ফলতেই হোৱা যেন লাগে । কাৰণ তেওঁলোকে অসমীয়া জাতিক লৈ কটু বাক্য প্ৰয়োগ কৰা বুলি মিডিয়াত প্ৰকাশিত হৈছে ।
এইখিনিতে এটা কথা স্পষ্ট কৰাটো প্ৰয়োজন যে মই সকলো অনা-অসমীয়া অথবা সকলো বঙালীক দোষী কৰিবলৈ যোৱা নাই । কাৰণ জোতিপ্ৰসাদ অথবা হেমাংগ বিশ্বাসৰ দৰে ব্যক্তি সকল অসমীয়া নোহোৱা স্বত্তেও যিকোনো অসমীয়াতকৈ বেছি অসমীয়া ।
শেষত, নগাওঁৰ ঘটনাৰ প্ৰতিবাদ সকলো অসমীয়াই যেনেদৰে কৰিছে, তেনেদৰে প্ৰতিজন অসমবাসীয়েই কৰাৰ প্ৰয়োজন আছিল ( অসমীয়া আৰু অসমবাসীৰ মাজৰ পাৰ্থক্যটো নিজেই বুজি ল'ব ) । কিন্তু প্ৰতিবাদৰ ঢৌ নিজৰ অনুকুলে বোৱাবলৈ চেষ্টা কৰা কিছু ব্যক্তি বা সংগঠনে বুজি লোৱাৰ দৰকাৰ যে এই প্ৰতিবাদ অসমীয়া জাতীয়তাবাদৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদহে; কোনো শিশু হত্যাকাৰী, পৰাগ দাস হত্যাকাৰীৰ সমৰ্থনত হোৱা প্ৰতিবাদ নহয় । গতিকে অযথা জিন্দাবাদ ধ্বনি দি লাভ নাই ।
জয় আই অসম ।
https://youtu.be/__wjyBjzrlk
https://youtu.be/WGSekhqvK-g
https://youtu.be/ILhiaaxCfIc

No comments:
Post a Comment