🌍ধৰ্ষণ🌎
যোৱা কিছুদিন ধৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ কেইবাটাও ধৰ্ষণ কাণ্ডৰ খবৰে জোকাৰি গ'ল । এটাৰ পিছত এটাকৈ সংঘটিত ঘটনা প্ৰবাহে প্ৰতিজন মানুহকে চকিত কৰি তুলিছে।
ধৰ্ষণ এক জঘন্য কাণ্ড। পৃথিৱীৰ যি চুকতেই আৰু যাৰ সৈতেই নহওঁক কিয় ই মানৱতাক উপহাস কৰা এক নাৰকীয় কাণ্ড। অক্ষমনীয় অপৰাধ। কোনো বিবাকবান প্ৰাণীয়ে ইয়াক সমৰ্থন কৰিব নোৱাৰে। ধৰ্ষণ কিয় হয় এই সম্বন্ধে বহু স্বয়ম্ভু পণ্ডিতে বহু মত প্ৰকাশ কৰা দেখা যায়।
কিছু লোকৰ মতে ধৰ্ষণৰ বাবে ছোৱালীৰ অমাৰ্জিত সাজ-পোছাক দায়ী।
অসমৰে এজন স্বয়ম্ভু পৰ্দাজীৱীয়ে মত দি দিলে যে অভাৱগ্ৰস্থ , হতাশাগ্ৰস্ত লোকসকল হে ধৰ্ষণকাৰ্য সংঘটিত কৰে।
আচলতে এই দুয়োটা মন্তব্যৰ দ্বাৰা তেওঁলোকে নিজৰ মানসিক বিকৃতিহে প্ৰকাশ কৰিছে। তেওঁলোক যে ধৰ্ষণকাৰীৰ হৈ ওকালতি কৰিবলৈ গৈ নিজৰ মানসিক বিকৃতিহে প্ৰকাশ কৰিছে সেয়া স্পষ্ট।
ধৰ্ষণ যেতিয়া এটি নিষ্পাপ চাৰি/পাঁচ বছৰীয়া শিশুৰ ওপৰত হয় অথবা পৌঢ়া শিক্ষয়িত্ৰীক ধৰ্ষণ কৰি হত্যা কৰা হয় তেতিয়া আপুনি কিদৰে কব যে সেয়া অমাৰ্জিত সাজ-পোছাকৰ বাবে হয়।
ধৰ্ষণকাৰী যেতিয়া কোনো ধনীৰ দুলাল অথবা ব্যৱসায়ী হয় আপুনি কেনেদৰে কব ধৰ্ষণ অভাৱগ্ৰস্থতাৰ বাবে হয়।
ধৰ্ষণ সংঘটিত হয় বিকৃত মানসিকতাৰ পৰাহে। তথাকথিত ভাষাত অমাৰ্জিত সাজ-পোছাক কৰা ছোৱালী এজনীয়ে সুস্থ মানসিকতাৰ এদল মানুহৰ মাজত নিৰাপদে থাকিব পাৰে আৰু গা-মূৰ ঢাকি সাজ-পোছাক পিন্ধা ছোৱালী এজনীও বিকৃত মানসিকতাৰ এচাম মানুহৰ হাতত ধৰ্ষিতা হব পাৰে।
গতিকে ছোৱালীৰ সাজ-পোছাক মাৰ্জিত হব লাগে বুলি কোৱাৰ সলনি নিজৰ মানসিকতাক মাৰ্জিত কৰিবলৈ শিকক। অন্যথা মানুহ বুলি পৰিচয় দিয়া বন্ধ কৰি নিজকে পাতিহাঁহৰ সৈতে তুলনা কৰক।
শেষত, দুখ লাগিছে লগতে ঘৃণাও ওপজিছে কিছু কৰ্মকাণ্ড দেখি। অসমত এটাৰ পিছত এটাকৈ ধৰ্ষণ আৰু হত্যাৰ ঘটনা সংঘটিত হওতে মৌনমোহন হৈ থকা এচামেও উত্তৰ প্ৰদেশত ধৰ্ষণ কৰি হত্যা কৰা ছোৱালী জনীৰ কথাটোত উবুৰি খাই পৰিছে। হয়তো ইমান দিনে মৌনব্ৰত ধাৰণ কৰি থকা নাঙল গগৈ, পদুম মেধি, বিবেক গোহাই হতেও দীঘলী পুখুৰীৰ পাৰত সমবেত হব। কিয়নো উক্ত ঘটনাটোত ৰাজনৈতিক মুনাফা লব পৰাকৈ শাসকীয় দলৰ মানুহ জড়িত হৈ আছে। সুখৰ বিষয় যে শাসকীয় দলৰ হোৱা স্বত্তেও অপৰাধীজন কিন্তু আজি আইনৰ কাঠগৰাত ।
ধৰ্ষণ ধৰ্ষণেই। সেয়া যাৰ ক্ষেত্ৰতেই নহওঁক কিয়। উত্তৰ প্ৰদেশতো এজনী ফুল-কুমলীয়া ছোৱালী কেইটামান নৰপিশাচৰ বিকৃত কামনাৰ চিকাৰ হৈ অকালতে মৰহি গ'ল । বিবাকবান মানুহ হিচাপে আমি দুখ প্ৰকাশ কৰি অপৰাধীৰ শাস্তি কামনা কৰাটো স্বাভাৱিক। কিন্তু নিজৰ ঘৰৰ কাষত সংঘটিত ঘটনাবোৰত মুখেৰে টু শব্দ এটাও নোকোৱা সকলে কি অংকৰে উত্তৰ প্ৰদেশৰ ঘটনা টোত উবুৰি খাই পৰিছে সেয়া বুজিবলৈ বাকী নাই। ধিক এনে মানসিকতাক। এনে মানসিকতা থাকিলে কাহানিও যে আমাৰ সমাজৰ পৰা এনে জঘন্য অপৰাধবোৰ নিৰ্মূল নহয় সেয়া খাটাং।
শেষত পৃথিৱীৰ চুকে-কোনে কাৰোবাৰ বিকৃত মানসিকতাৰ বলি হোৱা প্ৰতিগৰাকী নাৰীলৈ মোৰ সমবেদনা যাচিলোঁ। লগতে এনে ঘটনাৰ সৈতে জড়িত প্ৰতিজন নৰপশুৰ উচিত শাস্তি হোৱাৰ কামনা কৰিলোঁ।
No comments:
Post a Comment