#কোনোবাই_বেয়া_পালেও_আপত্তি_নাই।
এখন সঠিক মানচিত্ৰ নথকা কাল্পনিক স্বাধীন অসমৰ নামত বহু সম্ভাৱনাৰ মৃত্যু হ'ল, বহু মাতৃৰ বুকু শুদা হ'ল , বহু নাৰী স্বামীহাৰা হ'ল , বহু সন্তান পিতৃহাৰা হ'ল আৰু বহুজন চিৰকাললৈ ঘূণীয়া হ'ল।
আগতেও কৈছো, এতিয়াও কওঁ ; যিসময়ত এইখন অসমৰে হেজাৰ হেজাৰ যুৱকে ভাৰতীয় সামৰিক, অৰ্ধসামৰিক বাহিনীত যোগদান কৰি দেশৰ হ'কে যুজি আছে। কিছুসংখ্যকে বীৰত্বৰে যুজি শ্বহীদ হ'ল । সেইসময়ত সমান্তৰালভাৱে কাল্পনিক শত্ৰু ভাৰতৰাষ্ট্ৰৰ বিৰূদ্ধে সংগ্ৰাম কৰি থকাটো আশ্চৰ্যকৰ।
বড়ো জনজাতীয় ভাই সকলৰ কিছু সংগঠনে কৰা পৃঠক ৰাজ্যৰ দাবী, কোচ-ৰাজবংশী ভাই সকলৰ কিছু সংগঠনে দাবী কৰা পৃথক কমতাপুৰৰ দাবীৰ পিছত কোনখিনি অৱশিষ্টক লৈ কাল্পনিক সাৰ্বভৌম স্বাধীন অসম হব সেয়া মোৰ ধাৰণাৰ অতীত।
যিসকল মহাপণ্ডিতে ভাস্কৰ কলিতাৰ মৃত্যুৰ এই দুখঃজনক বাতৰিৰ সময়ত তথাকথিত সশস্ত্ৰ জাতীয় সংগ্ৰামখনৰ নাৰ্য্যতাৰ কথা উনুকিয়াইছে, সেইসকলে বাৰু এই সংগ্ৰামখনৰ ফলত ভুক্তভোগী হোৱা সেই পৰিয়ালবোৰৰ কথা এবাৰলৈও ভাবিছেনে ? তেওঁলোকৰ নিজৰ পৰিয়ালৰ কোনো লোক এই সংগ্ৰামখনৰ চিকাৰ হৈছেনে ? সংগঠনটোৰ বিয়াগোম নেতাসকলৰ কোনো সতি-সন্ততিয়ে এই সংগ্ৰামখনৰ চিকাৰ হৈছেনে ? নে কেৱল কৰ্মহীনতাৰ চিকাৰ হৈ আৰু এচাম গা-বচাই ফুৰা নেতাৰ প্ৰৰোচনাত পৰি পথভ্ৰষ্ট হোৱা এচাম সম্ভাৱনাপূৰ্ণ নিৰীহ যুবকেহে বাৰে বাৰে নিজৰ জীৱন বলিদানেৰে জীয়াই ৰাখিছে তথাকথিত সংগ্ৰামখন ?????

No comments:
Post a Comment