Offer

Thursday, 25 October 2018

ধৰ্ম মানে সহজ অৰ্থত ন্যায়।

ধৰ্ম মানে সহজ অৰ্থত ন্যায়। ধাৰ্মিক মানে কেৱল পূজা বা উপাসনা কৰা মানুহক নুবুজায়।

 মহাভাৰতৰ বিশেষ গুৰুত্বপূৰ্ণ চৰিত্ৰ যুধিষ্ঠিৰক ধৰ্মৰাজ বুলি কোৱা হয়। ইয়াৰ দ্বাৰা যুধিষ্ঠিৰক কেৱল পূজা বা উপাসনা কৰা ব্যক্তি বুলি কোৱা নাই। ধৰ্মৰাজ বিশেষণেৰে যুধিষ্ঠিৰক এজন ন্যায় পৰায়ন ব্যক্তি হিচাপেহে বুজোৱা হৈছে। যিজনে কাৰো অন্যায় নকৰে তেৱেঁই প্ৰকৃত ধাৰ্মিক।


সৰুতেই নৈতিক চৰিত্ৰ গঠন কৰিবলৈ মা-দেউতা বা জ্যেষ্ঠসকলে কোৱা মনত পৰে "বাবা, সদায় ধৰ্মত চলিবি, ভগৱানে তোক সহায় কৰিব "। এই কথাষাৰেৰে মোক নিশ্চয় পূজা বা উপাসনা কৰাৰ কথা কোৱা নাছিল। কৈছিল ন্যায়ৰ পথত সদায় চলাৰ কথা।

আচলতে ন্যায়ৰ পথেই ধৰ্মৰ পথ। ভগৱান নামৰ যি শক্তিক আমি বিশ্বাস কৰোঁ সেই শক্তিৰ আশীৰ্বাদ কেৱল ন্যায়ৰ পথৰেহে সম্ভৱ।

পূজা- পাতল এইবোৰ হ'ল আমাৰ সংস্কৃতিত সন্নিৱিষ্ট হৈ থকা কেতবোৰ পালনীয় আচৰণ। আমি যি সংস্কৃতিত লালিত-পালিত হৈছো, সেই সংস্কৃতিৰ উমৈহতীয়া বিশ্বাসেৰে আমি ভগৱান নামৰ শক্তিটোক আমাৰ সুখৰ বাবে ধন্যবাদ আৰু আমাৰ দুখবোৰৰ পৰা পৰিত্ৰাণ বিচাৰি পালন কৰা আচৰণবোৰকেই আমি পূজা বুলি কওঁ । নিজস্ব বিস্বাস আৰু পাৰিপাৰ্শ্বিকতাৰ প্ৰভাৱ অনুসৰি আমাৰ উপাসনা পদ্ধতি ভিন্ন হব পাৰে। কিন্তু উদ্দেশ্য একেই। "দুখবোৰৰ পৰা পৰিত্ৰাণ আৰু সুখবোৰৰ বাবে ধন্যবাদ।"

মোৰ ক্ষুদ্ৰ মগজুৰে মই এনেদৰেই ভাৱো।

অসমৰ সংস্কৃত বিতৰ্ক ।

                      এক সুপৰিকল্পিত প্ৰতিযোগিতা চলিছে , নিজকে প্ৰগতিবাদী সজোৱাৰ । কিছু চতুৰ স্বাৰ্থপৰ দালালে সুপৰিকল্পিত ভাবে আৰম্ভ কৰে কোনো বিতৰ্কৰ আৰু তাৰ মাজত অতি সুচতুৰ ভাৱে এনেকুৱা এটা মনোভাৱ সুমুৱাই দিয়া হয় যেন সেই মতৰ সমৰ্থন কৰাসকলহে প্ৰগতীবাদী আৰু বিৰোধিতা কৰাসকল আদিম চিন্তাধাৰৰ বৰ্বৰ মানসিকতা সম্পন্ন। তাকে দেখি আমাৰ নদাই-ভদাই , লাদুৰী-মাদুৰী এচামো জপিয়াই পৰে সেই বিতৰ্কত । সকলোকে প্ৰগতিবাদী হোৱাৰ প্ৰমানপত্ৰ খন লাগে । কোনেনো বাৰু দেখ দেখকৈ পুৰনি চিন্তাধাৰৰ লেবেলখন নিজৰ কপালত লগাব বিচাৰে ।

                       সংস্কৃত প্ৰায়বোৰ ভাৰতীয় ভাষাৰেই জননী । আনকি আমাৰ মাতৃভাষা অসমীয়াৰো । (অৱশ্যে নব্য চিন্তাধাৰাৰ বুলি জহাব বিচৰা কোনোৱে মোৰ মতৰ বিৰোধিতা কৰিলেও আচৰিত হব লগা নাই ।) সংস্কৃত ভাষাৰ মাধ্যমতেই ভাৰতৰ শিক্ষা ব্যবস্থাই এসময়ত সমসাময়িক বিশ্বত গুৰু হিচাপে প্ৰতিস্থিত আছিল । পৰবৰ্তী সময়ত প্ৰতিকুল পৰিস্থিতিত এই ঐতিহ্যমণ্ডিত ভাষা লুপ্তপ্ৰায় হৈ পৰিল । স্বাধীন ভাৰতৰ সংবিধানত এই ভাষাৰ উৎকৰ্ষৰ বাবে উল্লেখ থাকিল যদিও ফলাফল বৰ বিশেষ চকুত নপৰিল । তাৰ সলনি বিশেষ কিছু চক্ৰৰ পৰোক্ষ প্ৰৰোচনাত সংস্কৃতৰ বিষয়ে আমাৰ মনত এনে এক ধাৰনা সৃষ্টি কৰা হল যে সংস্কৃত এটা মাত্ৰ সনাতন হিন্দু ধৰ্মৰ সৈতে জড়িত বৈজ্ঞানিক সমলবিহীন ভাষা । অথচ কোন তাহানিতেই সংস্কৃত ভাষাত যোগ, আয়ুৰ্বেদ, জ্যোৰ্তিবিজ্ঞান, স্থপতিবিদ্যাৰ দৰে বহু প্ৰায়োগিক বিজ্ঞানৰ চৰ্চা হৈছিল । গতিকে সংস্কৃত চৰ্চাই আমাক পিছুৱাই লৈ যাব বুলি যি পৰিকল্পিত প্ৰচাৰ চলোৱা হৈচে সেয়াও দৰাচলতে প্ৰগতিবাদী চিন্তাৰ নামত আমাৰ ঐতিহ্য, আমাৰ বিশ্বাস, আমাৰ দক্ষতা, আমাৰ নিজস্বতাক ধ্বংস কৰি আমাক পাশ্চাত্য‌ই যি শিকায় তাকেই বেদবাক্য বুলি মানি চলিবলৈ বাধ্য কৰোৱাৰ এক কৌশল মাথো । তাতেই চকু দুটা জোৰকৈ মুদি চগা পৰাদি পৰি আমি নিজকে প্ৰগতিবাদী সজোৱাৰ প্ৰতিযোগিতাত নামি পৰিছো ।

                       গতিকে ইয়াতকৈ আৰু কি বিড়ম্বনা হব পাৰে ।

জাপানীজ এনকেফেলাইটিজৰ প্ৰতিষেধক আৰু অবাঞ্ছিত পৰিস্থিতি ।

জাপানীজ এনকেফেলাইটিজৰ প্ৰতিষেধকক লৈ যি অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি হৈছে বা জন্ম নিৰোধক বুলি যি উৰাবাতৰি প্ৰচাৰ হৈছে । তাৰ মূলত কিন্তু কেৱল অশিক্ষিত মানুহৰ অন্ধবিশ্বাস দায়ী নহয় । যদি অশিক্ষিত মানুহৰ অন্ধবিশ্বাসেই ইয়াৰ কাৰণ হলহেতেন , তেন্তে সেই অঞ্চলৰ মানুহ বিলাকে কাহানিও বেজী লোৱাৰ উদাহৰণ নাথাকিলহেতেন । আমি সকলোৱে জানো যে যিবোৰ অঞ্চলত এই বিশেষ বেজীটোক লৈ উৰাবাতৰিৰ প্ৰভাৱ পৰিছে সেই অঞ্চলৰ মানুহবোৰেও ইমানদিন কিন্তু ডাক্তৰ অথবা লোকেল ডাক্তৰ (ফাৰ্মাচী) ৰ পৰা বেজী লৈ আহিছিল । গতিকে এয়া বেজীৰ প্ৰতি থকা অন্ধবিশ্বাস হব‌ই নোৱাৰে ।
                   এই উৰাবাতৰি প্ৰচাৰৰ আৰত নিশ্চতভাৱে একেবাৰে অশিক্ষিত মানুহখিনি জড়িত নহয় । ইয়াৰ আৰত আছে কিছু জনা-বুজা, শিক্ষত আৰু কিছু অৰ্দ্ধ-শিক্ষিত লোক । যি সকলে কোনো নিকৃষ্ট ৰাজনৈতিক পৰিকল্পনা অনুযায়ী এই অপপ্ৰচাৰ চলাইছে সেইসকলৰ মাজত , যিসকল অশিক্ষিত মানুহে চিৰকাল এইসকলক সৰ্বজান্তা বুলি ভাৱি ভুল কৰি আহিছে । ৰাজনৈতিক কাৰকৰ কথা এই কাৰণেই ধাৰণা কৰিছো যে কিছুমানৰ মতে এই বেজী RSS ৰ বেজী আৰু বন্ধ্যাকৰণৰ উদ্দেশ্যেহে এই বেজী দিব ওলাইছে বিজেপিৰ চৰকাৰখনে । গতিকে বিজেপিৰ প্ৰতি এচাম মানুহৰ মাজত পূৰ্বৰে পৰা প্ৰচলিত প্ৰচাৰ বা অপপ্ৰচাৰত আৰু অলপ সংযোগ কৰাৰ চেষ্টা যেন কৰা হৈছে এই অপপ্ৰচাৰৰ যোগেদি ।
               এনে ধৰণৰ ঘটনাক উদ্দেশ্যপ্ৰণোদিত অপপ্ৰচাৰ বুলি এইকাৰণেই কৈছো যে পূৰ্বতেও এনে ধৰণৰ অপপ্ৰচাৰৰ সাক্ষী আছিলো । বিশেষকৈ ৰাভা হাছঙৰ আন্দোলনৰ সময়চোৱাত । সেই সময়ত ৰাভা- অনাৰাভা সংঘাটৰ মূলতে আছিল এই ধৰণৰে অপপ্ৰচাৰ । বহু জনা বুজা মানুহৰ মুখতো ৰাভা হাছঙক লৈ উদ্ভত মনেসজা মন্তব্য শুণি আচৰিত হৈছিলো । পিছে ৰাভা হাছঙৰ পৰিষদ গঠণৰ পিছত কি হল সেয়া সেই সময়ত অপপ্ৰচাৰত ভাগ লোৱা সকলেও দেখিছে ।
                শেষত ক‌ওঁ যে অশিক্ষত নুবুজা মানুহখিনিত বুজোৱাৰ দায়িত্ব আমাৰ দৰে অলপ জনা-শুণা আৰু আমাতকৈও অধিক জনা-বুজা মানুহখিনিৰে । আমিয়েই যদি অশিক্ষিত মানুহখিনিক বুজোৱাৰ সলনি এই ধৰণৰ বিকৃত অপপ্ৰচাৰত ভাগ ল‌ওঁ , তেন্তে সমাজখন জহান্নামে যাবলৈ কি বাকী থাকিব । গতিকে সকলোৱে নিজৰ কাষৰ জনক আচল কথাবোৰ বুজোৱাৰ চেষ্টা কৰক । কেৱল এই বেজীটোৰ বিষয়তে নহয়, অইন বিষয়তো ।

JNU কাণ্ড আৰু সাম্প্ৰতিক ৰাজনীতি ।

সমসাময়িক ৰাজনীতিত নিজৰ প্ৰাসংগিকতা বিচাৰি তত নোপোৱা একো-একোজন তথাকথিত সৰ্বহাৰৰ ত্ৰাণকৰ্তা তথা বাওমতাদৰ্শীৰ হঠাৎ ভূমিস্থ হোৱা উদ্ভট মন্তব্যবোৰৰ আৰৰ ৰহস্য কি ?

                  হঠাতেই এজনৰ পিছত এজনকৈ  কেতবোৰ বিতৰ্ক সৃষ্টি কৰিব পৰা মন্তব্য কৰি নিজকে যেন চৰ্চাৰ কেন্দ্ৰলৈ আনিব বিচাৰিছে । প্ৰথমে কেৰেলাৰ এজন বাওদলৰ নেতাই ভাৰতীয় সেনাৰ বিৰূদ্ধে এক আপত্তিজনক মন্তব্য কৰিলে । তাৰ পিছত একেই মতাদৰ্শত বিশ্বাসী জনৈক বেনাৰ্জী নে কি নামৰ এজনে । তাৰ পিছত সদা বিপৰীত মেৰুত এলিয়েনৰ দৰে অৱস্থান গ্ৰহণ কৰা য়েচুৰী আৰু কাৰাট ।

                  এই আটাইকেইজনেই দেশমাতৃৰ হকে সৰ্বদা ত্যাগ স্বীকাৰ কৰিবলৈ প্ৰস্তুত ভাৰতীয় সেনাৰ বিষয়ে ৰাজহুৱাকৈ যি ধৰণৰ আপত্তিজনক মন্তব্য আগবঢ়ালে , সেইবোৰে বাৰু নিজৰ ঘৰ-পৰিয়াল এৰি দেশৰ সুৰক্ষাত ব্যস্ত সৈনিক সকলক মানসিকভাৱে দুৰ্বল নকৰিবনে ?

               অৱশ্যে এই বাও মতাদৰ্শৰ লোকৰ পৰা দেশৰ সুৰক্ষাত আঘাট হানিব পৰা মন্তব্য এয়ে প্ৰথম নহয় । ইয়াৰ পুৰ্বেও JNU কাণ্ডৰ মূল তথা বাও ব্ৰিগেদৰ ষড়যন্ত্ৰৰ পৰীক্ষাগাৰত উৎপাদিত কানাইয়াইও সেনাৰ বিৰূদ্ধে মন্তব্য কৰিছিল ।

                    এইপ্ৰসংগত উনুকিয়াব পাৰি যে আমাৰ অসমীয়াৰ স্বয়ম্ভু বিবেক স্বৰূপ গোহাইদেবেও কেইবছৰমান আগতে এবাৰ জমিয়তৰ অধিবেশন এখনত  ভাৰতীয় চোৰাংচোৱাত হিন্দুত্ববাদীৰ এজেন্ট প্ৰৱেশ কৰিছে বুলি মন্তব্য কৰা বাতৰি কাকতত পঢ়িবলৈ পাইছিলো ।

                দৰাচলতে এনেবোৰ কথা-কাণ্ডৰে এওঁলোকে কি বুজাব বিচৰিছে ? এয়া বিপদপন্ন হোৱা অস্তিত্ব পুণৰুদ্ধাৰৰ মূঢ় প্ৰচেষ্টা নে বিমুদ্ৰাকৰণ , হাৱালা তালাচীৰ বিৰূপ প্ৰভাৱৰ হেচাত পৰি মৰা চিৎকাৰ ? সময়ে নিশ্চয় সকলো প্ৰশ্নৰে উত্তৰ দিব ।

তিনিচুকীয়াত সন্দেহজনক আলফা সদস্যৰ গুলীত নিহত হিন্দীভাষী ।

তিনিচুকীয়াৰ ফিল'বাৰীৰ সেই নিৰীহ ৰাজেশ শ্বাহ আৰু কিশোৰী শ্বাহৰ মৃতদেহৰ কাষত পৰিয়ালৰ মানুহ কেইগৰাকীয়ে ইনাই বিনাই কন্দা দৃশ্য দেখি কাৰ হৃদয়ে কন্দা নাই ? কি অপৰাধ সেই দুৰ্ভগীয়া পৰিয়াল টোৰ কোনোবাই কব পাৰিবনে ? নে স্বাধীনতাৰ নামত এনে হত্যাযজ্ঞ কোনো বিদ্বানৰ দৃষ্টিত গ্ৰহণযোগ্য ? সততে ৰাষ্ট্ৰযন্ত্ৰ, দখলদাৰী বাহিনী, সাৰ্বোভৌমত্ব ইত্যাদি শব্দৰে নিজকে অসমীয়াৰ ভাগ্যনিয়ন্তা সজাবলৈ চেষ্টা কৰি থকাসকলে পাৰিবনে ইয়াৰ উত্তৰ দিব ? যদি নোৱাৰে কোনে দিলে আপোনালোকক নৰহত্যাৰ অধিকাৰ ? কোনে দিলে আপোনালোকক আমাৰ ভৱিষ্যতক এক সীমিত পৰিধিৰ মাজত ক্ৰমাত্ আৱদ্ধ কৰাৰ অধিকাৰ ? আপোনালোকৰ কুকৰ্মৰ বাবেই যদি কাইলৈ অসমৰ বাহিৰত অসমবাসীয়ে নিৰাপত্তা হেৰুৱাব লগীয়া হয় , তাৰ বাবে আপোনালোকে দোষ স্বীকাৰ কৰি লৱনে ? আপোনালোকৰ প্ৰয়োজন নাথাকিব পাৰে ভাৰতৰ বাকী ভুখণ্ডৰ ভিতৰলৈ যোৱাৰ ; কাৰণ আপোনালোকৰ উপাৰ্জনৰ অন্য পথ আছে । আনকি তথাকথিত মুলসুতিত থাকিও সেই পথৰে সমৰ্থক হৈ থকা সকলৰো আছে চৰকাৰী সা-সুবিধা । পিছে অসমৰ লাখ লাখ কৰ্মসংস্থাপনহীন যুৱক যুৱতী সকল যে যাৱই লাগিব অসমৰ বাহিৰলৈ ।
ইমানৰ পিছতো যদি অলপ হলেও মানৱীয় গুণ বাকী আছে , তেন্তে সেই নৰহত্যাকাৰী আদৰ্শক আগলৈ ৰাইজৰ সম্মুখত সমৰ্থন কৰিবনে?

নগাঁওত ব্যৱসায়ীৰ দ্বাৰা ছালফাক আক্ৰমণ ।

নগাওঁৰ ঘটনাত সম্পূৰ্ণ একপক্ষীয়ভাৱে (CCTV ৰ ফুটেজ মতে) কেইজনমান ব্যৱসায়ীয়ে কেইজনমান ছালফাক কৰা শাৰিৰীক দূৰ্ব্যৱহাৰ দৃশ্যই মোৰ দৰে হাজাৰজন অসমীয়াৰ মনত এক ক্ষোভৰ সৃষ্টি কৰিলে । সৰ্বত্ৰ তাৰ প্ৰতিবাদ হ'ল । ভাল লাগিছে যে আমাৰ আত্মসন্মানত আঘাট কৰা কাৰ্যৰ প্ৰতিবাদ কৰিবলৈ আমি সকলো একগোট হৈছো । এয়া এক শুভ লক্ষণ ।

বঙালীসকলৰ জাতীয়বোধ অতি উচ্ছ । সেয়া স্বাভাৱিক । সেই  জাতীয়তা বোধৰ বাবেই বঙালীসকল বৃহৎ ভাৰতীয় জাতিসত্বাৰ ভিতৰত এটা লেখত লৱলগীয়া জাতি হিচাপে পৰিচিত হৈ আহিছে । আনকি বঙালীৰ এই জাতীয়তাবোধৰ বাবেই চতুৰ ইংৰাজে Divide and rule policy অনুসৰি বংগ ভংগৰ কৌশল ৰচনা কৰিছিল ।

বৃহৎ ভাৰতীয় জাতিসত্বাৰ ভিতৰৰ প্ৰতিটো ক্ষুদ্ৰাতিক্ষুদ্ৰ জাতিয়ে নিজৰ বুলি পৰিচিত এক নিৰ্দিষ্ট ভূখণ্ডৰ মাজত  স্ব-জাতীয়তাবোধৰ পৰিচয়েৰে আৰু আত্মসন্মানেৰে জীয়াই থাকিব বিচাৰে । অসম নামৰ ভূখণ্ডৰ মাজত অসমীয়া সকলো ইয়াৰ ব্যতিক্ৰম হব নোৱাৰে । কিন্তু যেতিয়াই কোনো অনা-অসমীয়া ব্যক্তি বা ব্যক্তিসমূহে আমাৰ এই ভূখণ্ডৰ মাজত তেওঁলোকৰ প্ৰাদেশিক জাতীয়তাবাদৰ উচ্ছাত্মিকাবোধ প্ৰদৰ্শন কৰে, তেতিয়াই সংঘাতৰ সৃষ্টি হয় । এটা কথা নিশ্চিত যে আমাৰ ভূখণ্ডৰ মাজত এই সংঘাতে অসমীয়াতকৈ বহুগুণে বেছি সেই বিশেষ অনা-অসমীয়া ব্যক্তি সমূহৰ হে ক্ষতি কৰিব ।

নগাওঁৰ ঘটনাটোও প্ৰাথমিক দৃষ্টিত সেই বিশেষ বঙালী ব্যক্তি কেইজনৰ নিজস্ব জাতীয় উচ্ছাত্মিকাবোধৰ ফলতেই হোৱা যেন লাগে । কাৰণ তেওঁলোকে অসমীয়া জাতিক লৈ কটু বাক্য প্ৰয়োগ কৰা বুলি মিডিয়াত প্ৰকাশিত হৈছে ।

এইখিনিতে এটা কথা স্পষ্ট কৰাটো প্ৰয়োজন যে মই সকলো অনা-অসমীয়া অথবা সকলো বঙালীক দোষী কৰিবলৈ যোৱা নাই । কাৰণ জোতিপ্ৰসাদ অথবা হেমাংগ বিশ্বাসৰ দৰে ব্যক্তি সকল অসমীয়া নোহোৱা স্বত্তেও যিকোনো অসমীয়াতকৈ বেছি অসমীয়া ।

শেষত, নগাওঁৰ ঘটনাৰ প্ৰতিবাদ সকলো অসমীয়াই যেনেদৰে কৰিছে, তেনেদৰে প্ৰতিজন অসমবাসীয়েই কৰাৰ প্ৰয়োজন আছিল ( অসমীয়া আৰু অসমবাসীৰ মাজৰ পাৰ্থক্যটো নিজেই বুজি ল'ব ) । কিন্তু প্ৰতিবাদৰ ঢৌ নিজৰ অনুকুলে বোৱাবলৈ চেষ্টা কৰা কিছু ব্যক্তি বা সংগঠনে বুজি লোৱাৰ দৰকাৰ যে এই প্ৰতিবাদ অসমীয়া জাতীয়তাবাদৰ ওপৰত হোৱা আক্ৰমণৰ  প্ৰতিবাদহে; কোনো শিশু হত্যাকাৰী, পৰাগ দাস হত্যাকাৰীৰ সমৰ্থনত হোৱা প্ৰতিবাদ নহয় । গতিকে অযথা জিন্দাবাদ ধ্বনি দি লাভ নাই ।

জয় আই অসম ।

https://youtu.be/__wjyBjzrlk

https://youtu.be/WGSekhqvK-g

https://youtu.be/ILhiaaxCfIc

কাজিৰঙাৰ উচ্ছেদ ।

কোনো ধৰণৰ হত্যা কেতিয়াও গ্ৰহনযোগ্য নহয় । কাজিৰঙাত নিহত হোৱা দুজনৰ মৃত্যুও । কিন্তু মৃতক দুজনৰ ধৰ্ম পৰিচয়ক লৈ ৰাজনীতি কৰাটোও গৰিহণাযোগ্য । কিয় ৰাজনৈতিক মুনাফা লাভৰ চেষ্টাত মৃতক দুজনৰ গাত ধৰ্মৰ প্ৰলেপ সানি মুল ঘটনাটোক অন্যফালে ঢাল খুৱাবলৈ চেষ্টা কৰা হ'ল । নে এয়া কাৰোবাৰ পৰিকল্পনাৰ অংশ । যাতে এক সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰি সমগ্র উচ্ছেদ প্ৰক্ৰিয়াটোক স্থবিৰ কৰিব পৰা যায় । ইয়াৰ ফলত কাৰ কি লাভ হব । কোনোবাই কব পাৰে যে বন্য জন্তু কেইটামানৰ সুৰক্ষাৰ বাবে মানৱক হত্যা কৰা হ'ল । কথাটো তেনেদৰে ব্যাখ্যা কৰাটো ভুল হব । কাৰণ আমি জীৱশ্ৰেষ্ঠই বহু আগৰে পৰাই বন্য জীৱ জন্তুৰ সীমা সংকুচিত কৰি বেদখল কাৰ্য্য চলাই আছো । যাৰ পৰিণতিতেই আজি হাতী মানুহৰ সংঘাত । শেষত গৈ ৰ'লগৈ সংৰক্ষিত বনাঞ্চল সমুহ । সেইখিনিৰ মোহো যদি এৰিব নোৱাৰো তেন্তে ধিক জীৱশ্ৰেষ্ঠৰ স্বীকৃতি । জানিবলৈ পোৱা মতে ন্যায়ালয়ে বহু আগতেই উচ্ছেদৰ আদেশ দিছিল কিন্তু পুৰ্বৱৰ্তী চৰকাৰখনে ভোটৰ লালসাতে হওঁক বা অইন কিবা ( চোৰাং চিকাৰী - ৰাজনৈতিক নেতা নেক্সাচ জাতীয় ) কাৰণতেই হওঁক সেয়া নকৰিলে । এইখন চৰকাৰে কৰিবলৈ গ'ল । কিন্তু তাতে হ'ল গণ্ডোগোলটো । অসমৰ বিখ্যাত কৃষকনেতা জনে বনাঞ্চলখনৰ ভৱিষ্যত চিন্তা নকৰাকৈ মানুহবোৰক উচতনি দিলে । কিছুমানে তেওঁৰ কথা নুশুনি সেই ঠাই পৰিত্যাগ কৰিলে আৰু আন কিছুমানে উচতনিত ভোল গৈ অবৈধ প্ৰতিৰোধ গঢ়িবলৈ চেষ্টা কৰিলে । যাৰ পৰিনতিতেই দুটা জীৱন হেৰাই গ'ল । যি অতিকৈ দুখজনক ।

গতিকে এজন সাধাৰণ নাগৰিক হিচাবে আমি বিচাৰো এনে ঘটনাৰ পুনৰাবৃত্তি নহওঁক । চৰকাৰ আৰু অধিক সচেতন হওঁক । ভণ্ড নেতাসকলে ভণ্ডামি কৰিবলৈ ভয় খোৱাকৈ পৰিবেশ এটাৰ সৃষ্টি হওঁক । বুদ্ধিজীৱি সকলেও নিজৰ বুদ্ধি অস্তিত্ব জাহিৰ কৰা অথবা মতবাদৰ শুদ্ধতা প্ৰতিপন্ন কৰিবলৈ ব্যৱহাৰ কৰাৰ সলনি জনসাধাৰণৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰক ।

বলি বিধান আৰু অনাহক বিতৰ্ক

#বলি_বিধান_আৰু_অনাহক_বিতৰ্ক।

প্ৰাচীন কালৰে পৰাই ভাৰতবৰ্ষত সনাতন হিন্দু ধৰ্ম তিনিটা মূল ধাৰাৰ মাজেৰে প্ৰবাহিত হৈ আহিছে। শৈৱ, শাক্ত, বৈষ্ণৱ। মোৰ জন্ম যিহেতু এটা শাক্ত পৰিয়ালত হৈছে গতিকে মই শাক্ত সকলে বিশ্বাস কৰা ধৰ্মীয় পৰম্পৰাৰ মাজেৰেই যিমান খিনি পাৰো মানি চলি আহিছো। অৱশ্যে শাস্ত্ৰজ্ঞান একেবাৰে নিমিত্ত। সামাজিক পৰিৱেশৰ পৰা যিখিনি শিকিছো সিমানখিনিয়েই।  মন গ'লেই দেৱী মন্দিৰত সেৱা কৰো, শিৱ লিঙ্গত সেৱা জনাও আৰু মন গ'লেই কোনো নামঘৰৰ আগতো মূৰ দোৱাও। কাহানিও কোনো ধৰণৰ দ্বিধাবোধ কৰা নাই।

পূজাৰ মন্ত্ৰবোৰৰ সম্পূৰ্ণ অৰ্থ নাজানো যিহেতু সংস্কৃত ভালদৰে নাজানো। কিন্তু ফলপ্ৰসাদেই হওঁক বা বলিৰ বাবে সাজু কৰা পঠাটোৰ ক্ষেত্ৰতেই হওক, পুৰোহিতে প্ৰথমে উসৰ্গা কৰে বুলি জানো। উসৰ্গা কৰা ফলপ্ৰসাদখিনি আৰু বলিৰ পঠাটো পূজাৰ অন্তত প্ৰসাদ হিচাপে খোৱা হয়। গতিকে মোৰ দৃষ্টিত দুয়োবিধেই খাদ্য।

আমাৰ সমাজত আহাৰ গ্ৰহনৰ সময়ত প্ৰথমতে জ্যেষ্ঠজনক আহাৰ গ্ৰহণ কৰিবলৈ দিয়াৰ পৰম্পৰা এতিয়াও সম্পূৰ্ণৰূপে শেষ হৈ যোৱা নাই। বছৰি আঘোণৰ সোণোৱালী পথাৰৰ সোণগুটি চপাই আনি প্ৰথমে আই লখিমী আৰু ঠাই বিশেষে সমাজৰ জ্যেষ্ঠসকলক মাতি এসাজ খুওৱাৰ পৰম্পৰাও চেগা-চেৰেকাকৈ প্ৰচলিত আছে। এইবোৰ জানো উসৰ্গা নহয় ?

তেন্তে কিহৰ এই বিতৰ্ক ? বাতিত সজাই দিয়া মাংসখিনি দেখি জিভাৰ পানী ৰখাব নোৱাৰাসকলে বলিৰ বিৰোধিতা কৰা দেখিলে হাঁহি উঠে। হাঁহি উঠে দুমুখীয়া চৰিত্ৰ দেখি। বলিৰ পঠাটো যদি নিৰীহ প্ৰাণী ; তেন্তে কচাইয়ে বধ কৰা পঠাটো নিৰীহ নহয় কিয় ? বলিৰ মাংস খাই পৰোক্ষভাৱে কিবা উপকাৰ হয় নে নহয় নাজানো ; কিন্তু প্ৰত্যক্ষভাৱে সিমানখিনিয়েই উপকাৰ হয় যিমানখিনি কচাইৰ পৰা অনা মাংসখিনি খোৱাৰ পিছত হয়। মোৰ দৃষ্টিত মাংসভোজীৰ ওচৰত মাংস মাংসৱেই। সেয়া লাগিলে কচাইৰ পৰা অনা মাংসৱেই হওক বা দেৱী মাক উসৰ্গা কৰি বলি দিয়া পশুৰ মাংসৱেই হওক।

ধৰ্মৰ অৰ্থহীন বিতৰ্ক

#ধৰ্মৰ_অৰ্থহীন_বিতৰ্ক_।

১৷ এদিনাখন ফেচবুকত এটা ভিডিঅ চকুত পৰিল। তাত খ্ৰিষ্টিয়ান ধৰ্ম গুৰু এজনে বুজাই আছিল যে এই পৃথিৱীৰ সকলো পাপৰ পৰা নিস্তাৰ পোৱাৰ একমাত্ৰ পথ হ'ল প্ৰভু যীশুৰ ওচৰত শৰণ লোৱা। ✝

২৷ আন এদিন আন এটা ভিডিঅত দেখিলো
জাকিৰ নাইকে ইছলাম ধৰ্মৰ শ্ৰেষ্ঠত্বৰ ওপৰত ভাষণ প্ৰদান কৰি আছে। তেওঁৰ মতে পৃথিৱীৰ একমাত্ৰ বিশুদ্ধ ধৰ্মটো হ'ল ইছলাম। বাকী সকলো মিছা। ☪

৩৷ এদিন ফেচবুকতেই কিবা বিতৰ্কৰ সময়ত গুৰুজনাৰ ধৰ্মমতৰ অনুগামী কেইজনমানে বিভিন্ন উদ্ধৃতিৰে বুজাবলৈ চেষ্টা কৰিলে যে কেৱল মাত্ৰ গুৰুজনাই প্ৰচাৰিত ধৰ্মমতৰ দ্বাৰাহে ভগৱানৰ সান্নিধ্য সম্ভৱ। নাম-প্ৰসংগহে আচল; পূজা-পাতল সকলো মিছা। 👏

৪৷ এবাৰ কেইজনমান শাক্ত পন্থাৰ অনুগামীয়ে তেনে এক বিতৰ্কতেই বৈদিক ৰীতি-নীতিৰ উপাসনাৰ বাহিৰে বাকী সকলো অসাৰ বুলি দিয়া মন্তব্যও চকুত পৰিছে। ॐ

ওপৰত উল্লেখিত প্ৰতিটো প্ৰসংগতে কিছু ব্যক্তি বিশেষে নিজৰ ধৰ্মমতটোক অইন সকলো ধৰ্মমতৰ ওপৰত শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে।

আচলতে আমি উপাসনা কৰা সকলো উপাসনা পদ্ধতিয়ে সজ চিন্তা আৰু সজ কৰ্মৰ মাজেৰে মানৱ সেৱাৰ কথাহে কয়। তেনে ক্ষেত্ৰত তোমাৰটোতকৈ মোৰটো শ্ৰেষ্ঠ বোলা কথাষাৰ অৰ্থহীন।

যেতিয়ালৈকে আমি নিজৰ উপাসনা পদ্ধতিক ভাল বুলি মানি চলিম, তেতিয়ালৈকে সকলো ঠিকেই; কিন্তু যেতিয়াই আমি নিজৰটোক আনৰটোতকৈ শ্ৰেষ্ঠ প্ৰতিপন্ন কৰিবলৈ যাও, তেতিয়াই সৃষ্টি হয় সংঘাতৰ।

গতিকে ধৰ্ম অথবা উপাসনা পদ্ধতিক লৈ অযথা বিতৰ্ক এৰক আৰু নিজে নিজৰখিনি মানি চলাৰ লগতে আনকো তেওঁৰখিনি মানি চলিবলৈ সুযোগ দিয়ক।

বিমুদ্ৰাকৰণ

আমি হ'লো সাধাৰণ নৰ মনিছ । দেশৰ চৌদিশে কি ঘটিছে সেয়া নিজে গৈ চোৱাৰ সামৰ্থ আৰু উপায় দুয়োটাই নাই । তেনেক্ষত্ৰত ৰিমোটটো লৈ ইমূৰৰ পৰা সিমূৰলৈ নিউজ চেনেল কেইটা চাই যি দেখো সেয়াই দেশৰ খৱৰ বুলি ধৰি লওঁ ।

 বিশেষ দুটামান ৰাষ্ট্ৰীয় আৰু আঞ্চলিক নিউজ চেনেলক বাদ দি প্ৰায়বোৰ চেনেলতেই যেতিয়া বেংকৰ সম্মুখত শাৰী পাতি থকা মানুহবোৰৰ প্ৰতিক্ৰিয়া দেখুৱায় , তাৰ প্ৰায় আটাইবোৰেই চৰকাৰৰ এই পদক্ষেপক আদৰণি জনায় আৰু দেশৰ বাবে ইমানখিনি ত্যাগ স্বীকাৰ কৰিবলৈ প্ৰস্তুত বুলি মত প্ৰকাশ কৰে । নেতিবাচক উত্তৰ নাই বুলিবই পাৰি ।

 এই সাধাৰণ মানুহখিনিয়ে যদি এই অসুবিধা খিনিক মানি লব পাৰিছে , তেন্তে কোনে মানি লব পৰা নাই ?

আমি যদি প্ৰতিক্ৰিয়া সমূহলৈ লক্ষ্য কৰো তেন্তে দেখা পাও যে কিছু ৰাজনৈতিক নেতা, কিছু সমাজ সংস্কাৰক আৰু কিছু সন্দেহজনক বিপ্লৱীয়ে এই অৰ্থনৈতিক সংস্কাৰৰ বিৰুদ্ধে অসহিষ্ণুতা প্ৰকাশ কৰিছে । তেওঁলোকৰ দাৱী মতে সাধাৰণ মানুহে জ্বলা-কলা খাইছে ইয়াৰ দ্বাৰা ।

 ঠিকেই , সাধাৰণ মানুহে জ্বলা-কলা খাইছে ; কিন্তু সাধাৰণ মানুহ হতাশ হোৱা নাই । তেওঁলোক আশাবাদী । তেওঁলোকে আশা কৰিছে দেশৰ অৰ্থনীতি মজবুত হওঁক ।
তেনেহ'লে হতাশ হৈছে কোন ?

সাধাৰণ মানুহৰ আশা-আকাংক্ষাক প্ৰতিনিধিত্ব কৰা বুলি দাৱী কৰা ওপৰত উল্লেখিত শ্ৰেণীৰ মানুহখিনি নিজেই নহয়তো ?

যদি হয় , এই হতাশাৰ কাৰণ কি ?

সাধাৰণ মানুহক লুটি-পুটি, সমাজ সংস্কাৰৰ নামত নিজৰ গোপন উচ্ছাকাংক্ষা পূৰণ কৰি, বিপ্লৱৰ সপোন দেখুৱাই শ শ যুৱকক বিপথে পৰিচালিত কৰি অৰ্জন কৰা বিশাল ধনভাণ্ডাৰত ৰাতিৰ ভিতৰতে হোৱা খহনীয়া ই নহয়তো ?

গোৱালপাৰা অঞ্চলত প্ৰচলিত মহোহো গীত। চিব চিবো

গোৱালপাৰা অঞ্চলত প্ৰচলিত মহোহো গীত।

#চিব_চিবো.......

অ...ৰি অৰি ভাই,
খৰি আনছু দীঘল চাই ।
ইও খৰি হেকা-বেকা ,
অতে পৰিল মাছেৰ লেকা।
মাছেৰ লেকা হিতিউ-তিউ,
এক্কে টিপে উলাম জীউ ।
জীউ ৰে তেলে ,
বাৰ বাতি জ্বলে ।
বাৰ বাতি তেৰ কামি ,
বছৰে বছৰে মাগু আমি ।
বছৰেৰ খেলা ,
তাক নকৰ্বি হেলা ।
হেলা কৰলে বেলা হয় ,
চাৱা-চোটোৰ খেলা নহয় ।
চিব-চিবো।।

আচলতে আজিৰ উৎসৱটো  গোৱালপাৰা অঞ্চলত চিব-চিবো নামেৰেহে জনাজাত।

Wednesday, 24 October 2018

লেনিনৰ মূৰ্তি

১/ লেনিনৰ মূৰ্তি ভঙা দেখি বিলাপ আৰম্ভ কৰাসকলে ক'বনে কিয় তেওঁলোকে চৰ্দাৰ বল্লভ ভাই পেটেলৰ মূৰ্তি স্থাপনৰ বিৰোধিতা কৰিছিল ? ভাৰতীয় ৰাজনীতি তথা সমাজ জীৱনত কাৰ প্ৰাসংগিকতা বেছি ? লেলিনৰ নে চৰ্দাৰ পেটেলৰ ?

২/ চৰ্দাৰ পেটেলৰ মূৰ্তি স্থাপন কৰাত ৰাইজৰ ধনৰ অপচয় কৰা বুলি চিঞৰ-বাখৰ কৰা সকলে বাৰু কব নেকি যে লেলিনৰ মূৰ্তিটো ৰাইজৰ ধন অপচয় নকৰাকৈ বোকা-মাটিৰে নিৰ্মান কৰিছিল বুলি ?

৩/ নিজৰ মতবাদ শুদ্ধ বুলি প্ৰতিপন্ন কৰিবলৈ গৈ হাজাৰ হাজাৰ মানুহক হত্যা কৰা ব্যক্তি এজনৰ উপযুক্ত অনুগামী হিচাপে ভাৰতৰ যিখন প্ৰদেশতেই বাওঁদল ক্ষমতাত থাকে; তাতেই ৰাজনৈতিক হিংসাই কিয় চুড়ান্ত ৰূপ লয় ?

 উদাহৰণ স্বৰূপে পশ্চিমবঙ্গ , কেৰেলা আৰু ত্ৰিপুৰা কেই ল'ব পাৰে।

পশ্চিমবংগত বাওঁদলৰ সমৰ্থক আৰু তৃনমুল কংগ্ৰেছৰ কংগ্ৰেছৰ কৰ্মীৰ মাজত কি নিকৃষ্ট পৰ্য্যায়ৰ সংঘাত হয় সেয়া সকলোৱে জানে।

কেৰেলাত আজিলৈকে কিমান BJP আৰু  RSS কৰ্মী-সমৰ্থকক নৃশংসভাৱে হত্যা কৰা হ'ল সেই খবৰো কোনেও নজনা নহয়।

ত্ৰিপুৰাত নিৰ্বাচনৰ বতাহ বলাৰ লগে-লগেই কিমান BJP সমৰ্থকৰ ঘৰৰ ভিতৰত সোমাই পৰিয়ালৰ মানুহক অত্যাচাৰ কৰা হ'ল , তাৰ ভিডিঅ এতিয়া ছোচিয়েল মিডিয়াত তেনেই সুলভ।

৪/ বাওঁ মতাদৰ্শৰ বহু অন্ধ অনুগামীয়ে ভাৱে যে আন সকলোকে সমালোচনা কৰাটো তেওঁলোকৰ প্ৰাথমিক কৰ্তব্য আৰু মৌলিক অধিকাৰ ; কিন্তু যেতিয়াই কোনো পক্ষই তেওঁলোকৰ নিজৰ ভুলবোৰ আঙুলিয়াই দিয়ে, তেতিয়াই তেওঁলোকে এইবোৰ প্ৰপগাণ্ডা বুলি চিঞৰিবলৈ ধৰে। একেই ধৰনে ওপৰত উল্লেখ কৰা কথাবোৰো তেওঁলোকে প্ৰপাগাণ্ডাই বুলিবনে ?

ধৰ্ষণ Rape

🌍ধৰ্ষণ🌎


                    যোৱা কিছুদিন ধৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ কেইবাটাও ধৰ্ষণ কাণ্ডৰ খবৰে জোকাৰি গ'ল । এটাৰ পিছত এটাকৈ সংঘটিত ঘটনা প্ৰবাহে প্ৰতিজন মানুহকে চকিত কৰি তুলিছে।


                    ধৰ্ষণ এক জঘন্য কাণ্ড। পৃথিৱীৰ যি চুকতেই আৰু যাৰ সৈতেই নহওঁক কিয় ই মানৱতাক উপহাস কৰা এক নাৰকীয় কাণ্ড। অক্ষমনীয় অপৰাধ। কোনো বিবাকবান প্ৰাণীয়ে ইয়াক সমৰ্থন কৰিব নোৱাৰে। ধৰ্ষণ কিয় হয় এই সম্বন্ধে বহু স্বয়ম্ভু পণ্ডিতে বহু মত প্ৰকাশ কৰা দেখা যায়।


                     কিছু লোকৰ মতে ধৰ্ষণৰ বাবে ছোৱালীৰ অমাৰ্জিত সাজ-পোছাক দায়ী।


                     অসমৰে এজন স্বয়ম্ভু পৰ্দাজীৱীয়ে মত দি দিলে যে অভাৱগ্ৰস্থ , হতাশাগ্ৰস্ত লোকসকল হে ধৰ্ষণকাৰ্য সংঘটিত কৰে।


                     আচলতে এই দুয়োটা মন্তব্যৰ দ্বাৰা তেওঁলোকে নিজৰ মানসিক বিকৃতিহে প্ৰকাশ কৰিছে। তেওঁলোক যে ধৰ্ষণকাৰীৰ হৈ ওকালতি কৰিবলৈ গৈ নিজৰ মানসিক বিকৃতিহে প্ৰকাশ কৰিছে সেয়া স্পষ্ট।


                     ধৰ্ষণ যেতিয়া এটি নিষ্পাপ চাৰি/পাঁচ বছৰীয়া শিশুৰ ওপৰত হয় অথবা পৌঢ়া শিক্ষয়িত্ৰীক ধৰ্ষণ কৰি হত্যা কৰা হয় তেতিয়া আপুনি কিদৰে কব যে সেয়া অমাৰ্জিত সাজ-পোছাকৰ বাবে হয়।


                    ধৰ্ষণকাৰী যেতিয়া কোনো ধনীৰ দুলাল অথবা ব্যৱসায়ী হয় আপুনি কেনেদৰে কব ধৰ্ষণ অভাৱগ্ৰস্থতাৰ বাবে হয়।


                     ধৰ্ষণ সংঘটিত হয় বিকৃত মানসিকতাৰ পৰাহে। তথাকথিত ভাষাত অমাৰ্জিত সাজ-পোছাক কৰা ছোৱালী এজনীয়ে সুস্থ মানসিকতাৰ এদল মানুহৰ মাজত নিৰাপদে থাকিব পাৰে আৰু গা-মূৰ ঢাকি সাজ-পোছাক পিন্ধা ছোৱালী এজনীও বিকৃত মানসিকতাৰ এচাম মানুহৰ হাতত ধৰ্ষিতা হব পাৰে।


                    গতিকে ছোৱালীৰ সাজ-পোছাক মাৰ্জিত হব লাগে বুলি কোৱাৰ সলনি নিজৰ মানসিকতাক মাৰ্জিত কৰিবলৈ শিকক। অন্যথা মানুহ বুলি পৰিচয় দিয়া বন্ধ কৰি নিজকে পাতিহাঁহৰ সৈতে তুলনা কৰক।


                      শেষত, দুখ লাগিছে লগতে ঘৃণাও ওপজিছে কিছু কৰ্মকাণ্ড দেখি। অসমত এটাৰ পিছত এটাকৈ ধৰ্ষণ আৰু হত্যাৰ ঘটনা সংঘটিত হওতে মৌনমোহন হৈ থকা এচামেও উত্তৰ প্ৰদেশত ধৰ্ষণ কৰি হত্যা কৰা ছোৱালী জনীৰ কথাটোত উবুৰি খাই পৰিছে। হয়তো ইমান দিনে মৌনব্ৰত ধাৰণ কৰি থকা নাঙল গগৈ, পদুম মেধি, বিবেক গোহাই হতেও দীঘলী পুখুৰীৰ পাৰত সমবেত হব। কিয়নো উক্ত  ঘটনাটোত ৰাজনৈতিক মুনাফা লব পৰাকৈ শাসকীয় দলৰ মানুহ জড়িত হৈ আছে। সুখৰ বিষয় যে শাসকীয় দলৰ হোৱা স্বত্তেও অপৰাধীজন কিন্তু আজি আইনৰ কাঠগৰাত ।


                    ধৰ্ষণ ধৰ্ষণেই। সেয়া যাৰ ক্ষেত্ৰতেই নহওঁক কিয়। উত্তৰ প্ৰদেশতো এজনী ফুল-কুমলীয়া ছোৱালী কেইটামান নৰপিশাচৰ বিকৃত কামনাৰ চিকাৰ হৈ অকালতে মৰহি গ'ল । বিবাকবান মানুহ হিচাপে আমি দুখ প্ৰকাশ কৰি অপৰাধীৰ শাস্তি কামনা কৰাটো স্বাভাৱিক। কিন্তু নিজৰ ঘৰৰ কাষত সংঘটিত  ঘটনাবোৰত মুখেৰে টু শব্দ এটাও নোকোৱা সকলে কি অংকৰে উত্তৰ প্ৰদেশৰ ঘটনা টোত উবুৰি খাই পৰিছে সেয়া বুজিবলৈ বাকী নাই।  ধিক এনে মানসিকতাক। এনে মানসিকতা থাকিলে কাহানিও যে আমাৰ সমাজৰ পৰা এনে জঘন্য অপৰাধবোৰ নিৰ্মূল নহয় সেয়া খাটাং।

                     শেষত পৃথিৱীৰ চুকে-কোনে কাৰোবাৰ বিকৃত মানসিকতাৰ বলি হোৱা প্ৰতিগৰাকী নাৰীলৈ মোৰ সমবেদনা যাচিলোঁ। লগতে এনে ঘটনাৰ সৈতে জড়িত প্ৰতিজন নৰপশুৰ উচিত শাস্তি হোৱাৰ কামনা কৰিলোঁ।

সাম্প্ৰতিক

#কোনোবাই_বেয়া_পালেও_আপত্তি_নাই।

এখন সঠিক মানচিত্ৰ নথকা কাল্পনিক স্বাধীন অসমৰ নামত বহু সম্ভাৱনাৰ মৃত্যু হ'ল, বহু মাতৃৰ বুকু শুদা হ'ল , বহু নাৰী স্বামীহাৰা হ'ল , বহু সন্তান পিতৃহাৰা হ'ল আৰু বহুজন চিৰকাললৈ ঘূণীয়া হ'ল।

আগতেও কৈছো, এতিয়াও কওঁ ; যিসময়ত এইখন অসমৰে হেজাৰ হেজাৰ যুৱকে ভাৰতীয় সামৰিক, অৰ্ধসামৰিক বাহিনীত যোগদান কৰি দেশৰ হ'কে যুজি আছে। কিছুসংখ্যকে বীৰত্বৰে যুজি শ্বহীদ হ'ল । সেইসময়ত সমান্তৰালভাৱে কাল্পনিক শত্ৰু ভাৰতৰাষ্ট্ৰৰ বিৰূদ্ধে সংগ্ৰাম কৰি থকাটো আশ্চৰ্যকৰ।

বড়ো জনজাতীয় ভাই সকলৰ কিছু সংগঠনে কৰা  পৃঠক ৰাজ্যৰ দাবী, কোচ-ৰাজবংশী ভাই সকলৰ কিছু সংগঠনে দাবী কৰা পৃথক কমতাপুৰৰ দাবীৰ পিছত কোনখিনি অৱশিষ্টক লৈ কাল্পনিক সাৰ্বভৌম স্বাধীন অসম হব সেয়া মোৰ ধাৰণাৰ অতীত।

যিসকল মহাপণ্ডিতে ভাস্কৰ কলিতাৰ মৃত্যুৰ এই দুখঃজনক বাতৰিৰ সময়ত তথাকথিত সশস্ত্ৰ  জাতীয় সংগ্ৰামখনৰ নাৰ্য্যতাৰ কথা উনুকিয়াইছে, সেইসকলে বাৰু এই সংগ্ৰামখনৰ ফলত ভুক্তভোগী হোৱা সেই পৰিয়ালবোৰৰ কথা এবাৰলৈও ভাবিছেনে ? তেওঁলোকৰ নিজৰ পৰিয়ালৰ কোনো লোক এই সংগ্ৰামখনৰ চিকাৰ হৈছেনে ? সংগঠনটোৰ বিয়াগোম নেতাসকলৰ কোনো সতি-সন্ততিয়ে এই সংগ্ৰামখনৰ চিকাৰ হৈছেনে ? নে কেৱল কৰ্মহীনতাৰ চিকাৰ হৈ আৰু এচাম গা-বচাই ফুৰা নেতাৰ প্ৰৰোচনাত পৰি পথভ্ৰষ্ট হোৱা এচাম সম্ভাৱনাপূৰ্ণ নিৰীহ যুবকেহে বাৰে বাৰে নিজৰ জীৱন বলিদানেৰে জীয়াই ৰাখিছে তথাকথিত সংগ্ৰামখন  ?????

What is Citizenship Amendment Bill 2016 ?

                    অসমলৈ ১ কৌটি ৯০ লাখ হিন্দু বাংলাদেশী আনিব বুলি সৰ্বত্ৰ বিতৰ্ক হৈ থকা নাগৰিকত্ব সংশোধনী বিধেয়ক খন Google ত বিচাৰোতে যি পালো তাৰ স্ক্ৰীনশ্বট কেইটা তলত দিলো।

 মই পঢ়ি তাত কতো " হিন্দু বাংলাদেশী " আৰু "অসমলৈ " আনিব বুলি কোনো শব্দ বিচাৰি নাপালো।
 মই বুজি পোৱা মতে ১৯৫৫ চনৰ নাগৰিকত্ব আইনখনত উল্লেখ থকা " naturalisation " যোগে যি নাগৰিকত্ব পোৱাৰ চৰ্ত আছিল আৰু তাৰ বাবে যি ১২ বছৰ সময়সীমা আছিল সেই সময়সীমা এই সংশোধনী মতে ৭ বছৰ কৰিব বিচৰা হৈছে।
 গতিকে এই সংশোধিত সময়সীমাৰ ফলত কেনেদৰে ১ কৌটি ৯০ লাখ ( য'ত বাংলাদেশত হিন্দু জনসংখ্যা প্ৰায় ১ কৌটি ৪০ লাখ বুলি Wikipediaত উল্লেখ আছে ) হিন্দু বাংলাদেশী ( যিসকলে ১২ বছৰ সময়সীমা থাকোতেও আহিব পাৰিলেহেঁতেন) অসমলৈ আহিবলৈ ভৰি দাঙি ৰৈ আছে সেয়াহে নুবুজিলো।
 অবশ্যে নুবুজাটো মোৰ জ্ঞানৰ দৈন্যতাও হব পাৰে। গতিকে কোনো সদাশয় ব্যক্তিয়ে মোক ভালদৰে বুজাই দিলে উপকৃত হ'লোহেঁতেন।
 বিঃ দ্ৰঃ- আশা কৰোঁ স্ক্ৰীনশ্বট কেইটা ভালদৰে চাব ।


Citizenship amendment bill 2016 and Assam.


১৷ নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ খচৰাখন পঢ়ি "হিন্দু বাংলাদেশী " আৰু "অসমলৈ আহিব "  শব্দ দুটা বিচাৰি নাপালো। কোনোবাই জনাবনে ক'ত লিখা আছে ১ কৌটি ৯০ লাখ হিন্দু বাংলাদেশী আহিব বুলি ?

২৷ Wikipedia ৰ তথ্য মতে বাংলাদেশত ১ কৌটি ৪০ লাখ হিন্দু ধৰ্মৰ মানুহ আছে। যদি গোটেই খিনি মানুহ টালি-টোপোলা বান্ধি অসমলৈ আহে , তথাপিওচোন প্ৰচাৰিত হিচাপতকৈ ৫০ লাখ মান কম হব ।

৩৷ ১৯৫৫ চনৰ নাগৰিকত্ব আইনখনে সুবিধা দিয়া স্বত্তেও নহা মানুহবোৰ নতুন সংশোধনী খনত এনে কি অদ্ভুত সুবিধা পাব যে হিল-দল ভাঙি গুচি আহিব ?

মই জনাত ১৯৫৫ চনৰ আইনখনৰ মতে এইসকল লোক আহি ভাৰতীয় নাগৰিকত্ব পাবলৈ ১২ বছৰ আপেক্ষা কৰিব লাগিছিল আৰু সংশোধনী মতে ৬ বছৰ আপেক্ষা কৰিব লাগিব।

৪৷ ধৰি ললোঁ টালি-টোপোলা বান্ধি গোটেই খিনি হিন্দু-বাংলাদেশী আহি গ'ল (কল্পনাহে কৰিছোঁ) ; কিন্তু তেওঁলোকে কেৱল অসমলৈয়ে কিয় আহিব ? ভাৰতৰ অইন ঠাইবোৰলৈ কিয় নাযাব ?

বাঃ দ্ৰঃ- মনলৈ অহা প্ৰশ্নখিনিৰ উত্থাপন কৰিলোঁ। কোনেও অযথা বিতৰ্ক নকৰে যেন।

লক্ষ্মী পূজা Lakshmi Puja


                          আজি আহিন মাহৰ পূৰ্ণিমা তিথি । অৰ্থাৎ আজি লক্ষ্মী পূৰ্ণিমা । লক্ষ্মী হ'ল ধন-সম্পদ, আধ্যাত্মিক সম্পদ, সৌভাগ্য আৰু সৌন্দৰ্যৰ দেৱী । তেখেত বিষ্ণুৰ পত্নী । তেখেত বিষ্ণুৰ শক্তিৰ উৎস । বিষ্ণুৰ ৰাম আৰু কৃষ্ণ অৱতাৰৰ সময়ত সীতা আৰু ৰাধা ৰূপে তেওঁ বিষ্ণুৰ সঙ্গ দিয়ে ।

"নমামি সর্বভূতানাং বৰদাসি হৰিপ্রিয়ে যা গতিস্ত্বৎপ্রপন্নানাং সা মে ভূয়াৎ ত্বদর্চনাৎ।"

                           অৰ্থাৎ, হে হৰিপ্ৰিয়া, আপুনি সকলো প্ৰাণীকেই বৰ প্ৰদান কৰি থাকক , আপোনাক প্ৰণাম কৰোঁ । যিসকল আপোনাৰ শৰণাগত হয়, সেইসকলৰ যি গতি; আপোনাৰ পূজাৰ ফলত মোৰো যেন সেই গতিয়েই হয় ।

Sunday, 21 October 2018

ধৰ্ম কি ?

ধৰ্ম মানে সহজ অৰ্থত ন্যায়। ধাৰ্মিক মানে কেৱল পূজা বা উপাসনা কৰা মানুহক নুবুজায়।

 মহাভাৰতৰ বিশেষ গুৰুত্বপূৰ্ণ চৰিত্ৰ যুধিষ্ঠিৰক ধৰ্মৰাজ বুলি কোৱা হয়। ইয়াৰ দ্বাৰা যুধিষ্ঠিৰক কেৱল পূজা বা উপাসনা কৰা ব্যক্তি বুলি কোৱা নাই। ধৰ্মৰাজ বিশেষণেৰে যুধিষ্ঠিৰক এজন ন্যায় পৰায়ন ব্যক্তি হিচাপেহে বুজোৱা হৈছে। যিজনে কাৰো অন্যায় নকৰে তেৱেঁই প্ৰকৃত ধাৰ্মিক।

সৰুতেই নৈতিক চৰিত্ৰ গঠন কৰিবলৈ মা-দেউতা বা জ্যেষ্ঠসকলে কোৱা মনত পৰে "বাবা, সদায় ধৰ্মত চলিবি, ভগৱানে তোক সহায় কৰিব "। এই কথাষাৰেৰে মোক নিশ্চয় পূজা বা উপাসনা কৰাৰ কথা কোৱা নাছিল। কৈছিল ন্যায়ৰ পথত সদায় চলাৰ কথা।

আচলতে ন্যায়ৰ পথেই ধৰ্মৰ পথ। ভগৱান নামৰ যি শক্তিক আমি বিশ্বাস কৰোঁ সেই শক্তিৰ আশীৰ্বাদ কেৱল ন্যায়ৰ পথৰেহে সম্ভৱ।

পূজা- পাতল এইবোৰ হ'ল আমাৰ সংস্কৃতিত সন্নিৱিষ্ট হৈ থকা কেতবোৰ পালনীয় আচৰণ। আমি যি সংস্কৃতিত লালিত-পালিত হৈছো, সেই সংস্কৃতিৰ উমৈহতীয়া বিশ্বাসেৰে আমি ভগৱান নামৰ শক্তিটোক আমাৰ সুখৰ বাবে ধন্যবাদ আৰু আমাৰ দুখবোৰৰ পৰা পৰিত্ৰাণ বিচাৰি পালন কৰা আচৰণবোৰকেই আমি পূজা বুলি কওঁ । নিজস্ব বিস্বাস আৰু পাৰিপাৰ্শ্বিকতাৰ প্ৰভাৱ অনুসৰি আমাৰ উপাসনা পদ্ধতি ভিন্ন হব পাৰে। কিন্তু উদ্দেশ্য একেই। "দুখবোৰৰ পৰা পৰিত্ৰাণ আৰু সুখবোৰৰ বাবে ধন্যবাদ।"

মোৰ ক্ষুদ্ৰ মগজুৰে মই এনেদৰেই ভাৱো।

পৰিবেশ আৰু আমি ।

এইবাৰ বৰষুণ কম । হাল বাই সাজু কৰি ৰখা পথাৰবোৰত ৰোৱনী নামিব পৰা নাই পানীৰ অভাৱত। তাৰ ওপৰত আৰু এই খাওঁ খাওঁ ৰ'দজাক। কিছুমানে কৃত্ৰিম উপায়েৰে জলসিঞ্চন কৰি হ'লেও ভূই ৰোৱাৰ চেষ্টা চলাইছে। কিন্তু দুদিন পিচতেই যেতিয়া প্ৰখৰ ৰ'দত পথাৰত পানী শুকাই খৰ লাগে তেতিয়া দেখিলেই দুখ লাগে। ইমান ৰ'দত ইমান পৰিশ্ৰম কৰিও অথলে গ'ল।

ধন্য মানিছো কৃষকসকলৰ সহ্য শক্তিক। যিসময়ত আমি ঘৰৰ বাহিৰ ওলাবলৈ দহবাৰ চিন্তা কৰিবলগীয়া হয় অথবা কাৰেণ্ট যোৱাৰ লগে লগে ফেনখনলৈ মুখ মেলি চাই ৰৈ থাকো, সেই সময়ত কৃষকসকলে এই প্ৰখৰ উত্তাপকো নেওচি পথাৰত ব্যস্ত হৈ পৰে আমাৰ বাবেই খাদ্য উৎপাদন কৰিবলৈ।

বহুত সাজোন- কাচোন কৰি আকাশখনে বৰষুণ অহাৰ আগজাননী এটা দিছিল। এজাক ধুমুহাও আহিছিল। কিন্তু আশা কৰা ধৰণে বৰষুণ জাক নাহিল। ভালকৈ চোতালখনেই তিতাব নোৱাৰিলে। অৱশ্যে গৰম বহু কমি গ'ল ।

এইযে বৰষুণ কম হোৱা অথবা সঠিক সময়ত নোহোৱা, অতিপাত উত্তাপ বৃদ্ধি- এইবোৰ বাৰু কিহৰ বাবে হ'বলৈ লৈছে ? আমাৰ ভুলৰ বাবেই নহয় জানো ? হকে বিহকে গছ-গছনি কটা আৰু বনাঞ্চল তহিলং কৰাৰেই ফল এইবোৰ। কোনোবাই বাৰু হিচাপ কৰিছেনে তেওঁ জীৱনত যিমান গছ কাটিছে তাৰ বিনিময়ত কিমান গছ ৰুইছে  ?

মনত ৰাখিব, অতিপাত গৰমৰ পৰা পৰিত্ৰাণ  পাবলৈ আমি কল্ডড্ৰিংক খালেই পৃথিৱীখন শীতল হৈ নাযায়। পৃথিৱীখন শীতল কৰিবলৈ আমি পৃথিৱীখনক সেউজীয়াও কৰিব লাগিব।

ভুতৰ গল্প


                       গলগলীয়া মাতেৰে কৰিম হাজী (অৱশ্যে তেতিয়ালৈ হাজী হোৱা নাই)। কথা কৈ থাকিলে এনেহে লাগে যেন ৰেডিঅত বাতৰি পঢ়িছে । ৭০ ৰ পৰা ৮০ চনৰ সময়চোৱাৰ গাঁৱৰ পৰিবেশত ৰেডিঅৰ বাতৰিৰ বাহিৰেনো কি বেলেগ বাতৰিৰ কথা ভাবিব । পৰিবহন নিগমৰ কৰ্মচাৰী অমল চক্ৰৱৰ্তীৰ পৈতৃক বাসগৃহৰ বাৰাণ্ডাত এখন চকীৰ দৰে আউজি বহিব পৰা কাঠৰ বেঞ্চ । তাতেই সন্ধিয়া লাগিলেই হাজিৰ হয় পিছফালৰ গাওঁখনৰ কৰিম হাজী । চক্ৰৱৰ্তী আৰু হাজী দুয়ো বাল্য বন্ধু  যদিওবা পুৰণা সম্পৰ্কৰ দোহাই দি হাজীয়ে চক্ৰৱৰ্তীক খুড়া বুলি সম্বোধন কৰে । দুয়ো সুখ-দুখৰ নানা কথা পাতে । চক্ৰৱৰ্তীয়ে দিনটো গোৱালপাৰা চহৰৰ পৰিবহন নিগমৰ কাৰ্যালয়ৰ নানা অভিজ্ঞতা বৰ্ণনা কৰে হাজীৰ আগত । মুঠৰ ওপৰত দিনটোৰ ব্যস্ততাৰ অন্তত সন্ধিয়াৰ এই বিশেষ সময় খিনিত হাজী চক্ৰৱৰ্তীৰ ঘৰলৈ অহাটো নৈমিত্তিক ঘটনা ।

                          এই নৈমিত্তিক পৰিঘটনাই আন কাকো আমনি নকৰিলেও আমনি কৰিছিল চক্ৰৱৰ্তীৰ সৰু পুত্ৰ দীপুক আৰু চক্ৰৱৰ্তীৰ ঘৰতে থাকি পঢ়া-শুনা কৰা ভাগিন অনিলক । আগতেই উল্লেখ কৰাৰ দৰে  হাজী চাহাবৰ গলগলীয়া মাতটোৱে বাৰুকৈয়ে আহুকাল কৰিছিল হাইস্কুলীয়া ছাত্ৰ দীপু আৰু অনিলক ।

                        হাজীচাহাবৰ ঘৰলৈ যোৱা পথৰ কাষতে চক্ৰৱৰ্তী বংশৰ কালীৰ থানখন । আহোতে হাজী চাহাবে বৰ বেছি এইবোৰলৈ ভ্ৰূক্ষেপ নকৰিলেও ৰাতি উভতি যাবৰ পৰত থানখনৰ কাষ পালেই বুকুখন চিৰিংকৈ উঠে । নিজে আজিলৈকে একো অস্বাভাৱিক ঘটনাৰ সাক্ষী হোৱা নাই যদিও বহু মানুহে এইখিনি ঠাইত বহু কিবা কিবি দেখা বুলি কয় । চক্ৰৱৰ্তীক এই বিষয়ে সুধিলে একো ভয়ৰ কাৰণ নাই বুলি কয় । তথাপিও কেতিয়াবা বৰকৈ মনটো খু দুৱাই থাকিলে চক্ৰৱৰ্তীয়ে এইখিনি লৈকে আগবঢ়াই দিয়ে ।

                      এদিনৰ কথা । সন্ধিয়া আঠমান বাজিছে । হাজী ঘৰলৈ উভতিল । প্ৰথম কেকুৰিটো ঘুৰিলেই থানখন । সদায় যোৱাৰ দৰে সেইখিনি বেগাই পাৰ হৈ যাব লাগিব । কেকুৰিটো ঘুৰিছে মাত্ৰ । তেনেতে থানখনৰ ঠিক পোনো পোনে পথৰ ওপৰত এটা পোহৰ । পোহৰটো ৰৈ থকা নাই । লাহে লাহে পথটোৰ ওপৰেৰে পথালিকৈ চক্ৰৱৰ্তীহতৰ বাৰীলৈ বাট পোনাইছে । দৃশ্য দেখি হাজীৰ অৱস্থা কাহিল । ভাৱিলে মানুহে কোৱাবোৰ সঁচাই তেন্তে । ইয়াত কিবা সাংঘাতিক বস্তু আছে । আজিহে আজি । কি কৰো কি নকৰো ভাবি খুড়া, খুড়া বুলি চিঞৰি  উভতি দৌৰ দিলে চক্ৰবৰ্তীৰ চোতাললৈ । চক্ৰৱৰ্তীৰ আগত ঘতনাটো কোৱাত আগুৱাই যাৱলৈ ওলাল । টৰ্চ লাইটটো বিচাৰি দীপুক মতাত ঘৈনীয়েকে নিজে টৰ্চটো আনি দি ক'লে যে দীপু বাহিৰলৈ শৌচ কৰিবলৈ গৈছে । তেওঁলোক গৈ পায় মানে পোহৰটো অন্তৰ্ধান হৈছে । দুয়োজনে আগুৱাই গৈ চাৰিওফালে টৰ্চ মাৰি চাওঁতে হঠাৎ পথৰ ওখোৰা মোখৰা ঠাই এটুকুৰাত মম এডাল পৰি থকা দেখা পালে । কাষতে এটা গুৱৰুৱা পৰুৱা ওপৰমুৱা হৈ ভৰি কেইখন নচুৱাই আছে । পৰুৱাটো দাঙি চোৱাত তাৰ পিঠিত মমৰ টোপালৰ টিন দেখা পালে । চক্ৰৱৰ্তীৰ আৰু বুজিবলৈ বাকী নাথাকিল ঘটনাটো আচলতে কি ।

শিৱ তাণ্ডৱ স্তোত্ৰ



                     শিৱ তান্ডৱ স্তোত্র হ'ল ভগৱান শিৱক উপাসনা কৰা এটা স্তোত্ৰ। কোৱা হয় যে এই স্তোত্ৰটো ভগৱান শিৱৰো আটাইতকৈ প্ৰিয় স্তোত্ৰ। পিছে এই স্তোত্ৰটোৰ ৰচক হ'ল লংকাধিপতি ৰাৱণ। ৰামায়ণৰ কাহিনীৰ ৰাৱণ আছিল ভগৱান শিৱৰ আৰাধক আৰু তেৱেঁই ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ এই স্তোত্ৰটোৰ ৰচনা কৰিছিল। 

জটাটবীগলজ্জলপ্রবাহপাবিতস্থলে
গলেবলংব্য লংবিতাং ভুজংগতুংগমালিকাম ।
ডমড্ডমড্ডমড্ডমন্নিনাদবড্ডমর্বয়ং
চকাৰ চংডতাংডবং তনোতু নঃ শিৱঃ শিৱম ।।১।।

জটাকটাহসংভ্রমভ্রমন্নিলিংপনির্ঝৰী-
-বিলোলবীচিবল্লৰীবিৰাজমানমূর্ধনি ।
ধগদ্ধগদ্ধগজ্জ্বলল্ললাটপট্টপাবকে
কিশোৰচংদ্রশেখৰ ৰতিঃ প্রতিক্ষণং মম ।।২।।

ধৰাধৰেংদ্রনংদিনীবিলাসবংধুবংধুৰ
স্ফুৰদ্দিগংতসংততিপ্রমোদমানমানসে ।
কৃপাকটাক্ষধোৰণীনিৰুদ্ধদুর্ধৰাপদি
ক্বচিদ্দিগংবৰৰে মনো বিনোদমেতু বস্তুনি ।।৩।।

জটাভুজংগপিংগলস্ফুৰত্ফণামণিপ্রভা
কদংবকুংকুমদ্রবপ্রলিপ্তদিগ্বধূমুখে ।
মদাংধসিংধুৰস্ফুৰত্ত্বগুত্তৰীয়মেদুৰে
মনো বিনোদমদ্ভুতং বিভর্তু ভূতভর্তৰে ।।৪।।

সহস্রলোচনপ্রভৃত্য়শেষলেখশেখৰ
প্রসূনধূলিধোৰণী বিধূসৰাংঘ্রিপীঠভূঃ ।
ভুজংগৰাজমালয়া নিবদ্ধজাটজূটক
শ্রিয়ৈ চিৰায় জায়তাং চকোৰবংধুশেখৰঃ ।।৫।।

ললাটচত্বৰজ্বলদ্ধনংজয়স্ফুলিংগভা-
-নিপীতপংচসায়কং নমন্নিলিংপনায়কম ।
সুধাময়ূখলেখয়া বিৰাজমানশেখৰং
মহাকপালিসংপদেশিৰোজটালমস্তু নঃ ।।৬।।

কৰালফালপট্টিকাধগদ্ধগদ্ধগজ্জ্বল-
দ্ধনংজয়াধৰীকৃতপ্রচংডপংচসায়কে ।
ধৰাধৰেংদ্রনংদিনীকুচাগ্রচিত্রপত্রক-
-প্রকল্পনৈকশিল্পিনি ত্রিলোচনে মতির্মম ।।৭।।

নবীনমেঘমংডলী নিৰুদ্ধদুর্ধৰস্ফুৰত-
কুহূনিশীথিনীতমঃ প্রবংধবংধুকংধৰঃ ।
নিলিংপনির্ঝৰীধৰস্তনোতু কৃত্তিসিংধুৰঃ
কলানিধানবংধুৰঃ শ্রিয়ং জগদ্ধুৰংধৰঃ ।।৮।।

প্রফুল্লনীলপংকজপ্রপংচকালিমপ্রভা-
-বিলংবিকংঠকংদলীৰুচিপ্রবদ্ধকংধৰম ।
স্মৰচ্ছিদং পুৰচ্ছিদং ভবচ্ছিদং মখচ্ছিদং
গজচ্ছিদাংধকচ্ছিদং তমংতকচ্ছিদং ভজে ।।৯।।

অগর্বসর্বমংগলাকলাকদংবমংজৰী
ৰসপ্রবাহমাধুৰী বিজৃংভণামধুব্রতম ।
স্মৰাংতকং পুৰাংতকং ভবাংতকং মখাংতকং
গজাংতকাংধকাংতকং তমংতকাংতকং ভজে ।।১০।।

জয়ত্বদভ্রবিভ্রমভ্রমদ্ভুজংগমশ্বস-
-দ্বিনির্গমত্ক্রমস্ফুৰত্কৰালফালহব্যবাট ।
ধিমিদ্ধিমিদ্ধিমিধ্বনন্মৃদংগতুংগমংগল
ধ্বনিক্রমপ্রবর্তিত প্রচংডতাংডবঃ শিবঃ ।।১১।।

দৃষদ্বিচিত্রতল্পয়োর্ভুজংগমৌক্তিকস্রজোৰ-
-গৰিষ্ঠৰত্নলোষ্ঠয়োঃ সুহৃদ্বিপক্ষপক্ষয়োঃ ।
তৃষ্ণাৰবিংদচক্ষুষোঃ প্রজামহীমহেংদ্রয়োঃ
সমং প্রবর্তয়ন্মনঃ কদা সদাশিবং ভজে ।।১২।।

কদা নিলিংপনির্ঝৰীনিকুংজকোটৰে বসন
বিমুক্তদুর্মতিঃ সদা শিৰঃস্থমংজলিং বহন ।
বিমুক্তলোললোচনো ললাটফাললগ্নকঃ
শিৱেতি মংত্রমুচ্চৰন সদা সুখী ভবাম্যহম ।।১৩।।

ইমং হি নিত্য়মেবমুক্তমুত্তমোত্তমং স্তবং
পঠন্স্যৰন্ব্রুবন্নৰো বিশুদ্ধিমেতিসংততম ।
হৰে গুৰৌ সুভক্তিমাশু য়াতি নান্যথা গতিং
বিমোহনং হি দেহিনাং সুশংকৰস্য চিংতনম ।।১৪।।

পূজাবসানসময়ে দশবক্ত্রগীতং য়ঃ
শংভুপূজনপৰং পঠতি প্রদোষে ।
তস্য স্থিৰাং ৰথগজেংদ্রতুৰংগয়ুক্তাং
লক্ষ্মীং সদৈব সুমুখিং প্রদদাতি শংভুঃ ।।১৫।।

Saturday, 20 October 2018

যা দেবী সর্বভূতেষু শক্তিৰূপেন সংস্থিতা।





                       মাৰ্কণ্ডেয় ঋষিৰ দ্বাৰা ৰচিত মাৰ্কণ্ডেয় পুৰাণ । এই মাৰ্কণ্ডেয় পুৰাণৰেই অন্তৰ্গত শ্ৰী শ্ৰী চণ্ডী এখন প্ৰাচীন ধৰ্মগ্ৰন্থ । শ্ৰী শ্ৰী চণ্ডী গ্ৰন্থত মুঠ ১৩টা অধ্যায় আৰু ৭০০ টা শ্লোক আছে । সেইবাবেই গীতাৰ দৰে ইয়াকো সপ্তশতী বোলা হয় । আদ্য শক্তি মহামায়া । তেওঁ মায়া আৰু শক্তিৰ দেৱী । অন্যায় আৰু অসুৰ শক্তিক তেওঁ ধ্বংস কৰে ।

এই শ্ৰী শ্ৰী চণ্ডী গ্ৰন্থতেই এটি সুন্দৰ স্তোত্ৰ আছে :
“যা দেবী সর্বভূতেষু শক্তিৰূপেন সংস্থিতা। 
নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নমঃ।। 
যা দেবী সর্বভূতেষু শান্তিৰূপেন সংস্থিতা। 
নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নমঃ।।”

                      অৰ্থাৎ, যি দেৱী সমস্ত জীৱ আৰু চৰাচৰৰ শক্তি ৰূপে অৱস্থান কৰে সেই দেৱীক নমস্কাৰ, বাৰ বাৰ নমস্কাৰ । যি দেৱী সমস্ত জীৱত শান্তি ৰূপত অৱস্থান কৰে সেই দেৱীক নমস্কাৰ, বাৰ বাৰ নমস্কাৰ ।

শ্ৰী শ্ৰী চণ্ডীৰ বিষয়বস্তু:
                             এবাৰ ৰজা ইন্দ্ৰ আৰু অসুৰৰ ৰজা মহিষাসুৰৰ মাজত ভীষন যুদ্ধ হয় । যুদ্ধত দেৱতাসকল স্বৰ্গৰ পৰা বিতাড়িত হব লগা হয় । এদিন ৰাজ্যহাৰা দেৱতাসকলে ব্ৰহ্মাক সন্মুখত লৈ দেৱাদিদেৱ মহাদেৱ আৰু বিষ্ণুৰ ওচৰলৈ গৈ তেওঁলোকৰ দুৰ্দশাৰ কথা বৰ্ণনা কৰিলে । তেতিয়া ব্ৰহ্মা, বিষ্ণু, মহাদেৱকে আদি কৰি সকলো দেৱতাৰে শৰীৰৰ পৰা এক উজ্জ্বল ৰশ্মি নিৰ্গত হৈ দেৱী মূৰ্তিৰ সৃষ্টি হ'ল । দেৱতাসকলে নিজৰ নিজৰ দিব্য অস্ত্ৰৰে সেই দেৱী মূৰ্তিক সুসজ্জিত কৰিলে । দিব্য অস্ত্ৰৰে সুসজ্জিত হৈ দেৱীয়ে দহ হাত দাঙি অট্টহাস্য কৰিবলৈ ধৰিলে । যি হাঁহিত স্বৰ্গ , মৰ্ত্য, পাতাল কঁপি উঠিল । ৠষি মুনি সকলে ভক্তি ভাৱেৰে দেৱীৰ স্তুতি গাবলৈ ধৰিলে ।

                            এইফালে মহিষাসুৰে হাজাৰ হাজাৰ সৈন্য-সামন্ত লৈ দেৱীৰ সৈতে যুদ্ধ কৰিবলৈ আগবাঢ়ি আহিল । ভীষণ যুদ্ধ হ'ল । যুদ্ধত অসুৰ শক্তিৰ পৰাজয় হ'ল । অসুৰৰ অত্যাচাৰৰ পৰা দেৱলোক মুক্ত হ'ল । চাৰিওফালে আনন্দময় পৰিবেশ সুচিত হ'ল । দেৱতাসকলে আৰু ৠষি-মনিসকলে আনন্দমনেৰে দেৱীৰ জয়গান গাবলৈ ধৰিলে ।
“সর্বমঙ্গলমঙ্গল্যে শিবে সর্বার্থসাধিকে। 
শৰণ্যে ত্র্যম্বকে গৌৰি নাৰায়ণি নমো হস্তুতে ।।”

                           অৰ্থাৎ, তুমি সর্ব প্রকাৰ কল্যাণদায়িনী। তুমি মঙ্গলময়ী। সর্ব প্রকাৰ ইচ্ছাপূৰণকাৰী। সেইবাবেই তোমাক বাৰে বাৰে নমস্কাৰ কৰোঁ।

বিজয়া দশমী সম্পৰ্কে কিছু কথা


# বিজয়া দশমী সম্পৰ্কে কিছু কথা #
                      দুৰ্গা পূজাৰ আৰম্ভণি মহালয়াৰ দিনৰ পৰাই হয় । ইয়াৰ পৰাই দেৱীপক্ষৰ সুচনা হয় । ইয়াৰ ঠিক পাঁচদিন পিছত মহাষষ্ঠীৰ দিনা দেৱীৰ বৰণ , আমন্ত্ৰণ আৰু অধিবাস কৰা হয় । মহাসপ্তমীত নৱপত্ৰিকা প্ৰৱেশ, স্থাপন আৰু সপ্তমীবিহিত পূজা । সেইদৰে মহাষ্টমী আৰু মহানৱমীত যথাবিহিত পূজা । তাৰ পিছত আহিল বিজয়া দশমী । কিন্তু এই দশমী তিথিটোক "বিজয়া দশমী" কিয় কোৱা হয় ?
                  
                   
পুৰাণৰ মহিষাসুৰ বধ সম্পৰ্কীয় কাহিনীত উল্লেখ আছে যে মহিষাসুৰৰ সৈতে দেৱীৰ যুদ্ধ ৯ দিন ৯ ৰাতি ব্যাপি চলাৰ পিছত দশম দিনা দেৱীয়ে মহিষাসুৰক বধ কৰি বিজয় প্ৰাপ্তি কৰিছিল ।শ্ৰী শ্ৰী চণ্ডীৰ (এই বিষয়ে আগতেই লিখিছো) কাহিনী অনুসৰি আহিন মাহৰ কৃষ্ণা চতুৰ্দশীত দেৱীৰ আৱিৰ্ভাব হয় আৰু শুক্লা দশমীত মহিষাসুৰক বধ কৰে । সেইবাবেই এই দশমী "বিজয়া দশমী" ।



                       বিজয়া দশমীৰ দিনটোতেই আন এক উৎসৱ পালন কৰা হয় । সেয়া হ'ল "দশেৰা" । দশেৰা শব্দটো "দহশিৰ" অৰ্থাৎ "ৰাৱণ"ৰ পৰা আহিছে । বাল্মীকিৰ "ৰামায়ণ" অনুসৰি আহিন মাহৰ এই শুক্লা দশমী তিথিতেই ৰামে ৰাৱণক বধ কৰিছিল । সেইবাবেই ঠাই বিশেষে ৰাৱণৰ মূৰ্তি সাজি জ্বলাই দিয়াৰ নিয়ম পালন কৰা হয় ।

                    ৰাৱণ বধ কৰি সীতা সহিতে প্ৰভু ৰামচন্দ্ৰ লংকাৰ পৰা প্ৰত্যাৱৰ্তন কৰি ঠিক আহিন মাহৰ ৩০ তম দিনটোত অযোধ্যাত উপস্থিত হয় । অযোধ্যাত উপস্থিত হোৱাৰ দিনা প্ৰজাগণে সীতা মা , প্ৰভু ৰামচন্দ্ৰ সহিতে সমস্ত সেনানী সকলক আদৰিবলৈ পদূলিত কলপুলি পুতি তাত চাঁকি জ্বলাইছিল । সেই দিনটোৱেই হ'ল পোহৰৰ উৎসৱ "দীপাৱলী" ।

                 আকৌ মহাভাৰতৰ কাহিনী অনুসৰি আহিন মাহৰ এই শুক্লা দশমী তিথিতেই পাণ্ডৱসকলে দ্বাদশ বছৰ অজ্ঞাত বাস সামৰি শমীবৃক্ষৰ তলত লুকাই থোৱা তেওঁলোকৰ অস্ত্ৰভাণ্ডাৰৰ পুনৰুদ্ধাৰ কৰে আৰু ছদ্মবেশমুক্ত হৈ নিজৰ প্ৰকৃত পৰিছয় ঘোষণা কৰে । সেইবাবেই অঞ্চল বিশেষে বিজয়া দশমীৰ দিনাই "অস্ত্ৰপূজন"ৰ অনুষ্ঠান উদযাপন কৰা হয় ।

ধৰ্ম মানে সহজ অৰ্থত ন্যায়।

ধৰ্ম মানে সহজ অৰ্থত ন্যায়। ধাৰ্মিক মানে কেৱল পূজা বা উপাসনা কৰা মানুহক নুবুজায়।  মহাভাৰতৰ বিশেষ গুৰুত্বপূৰ্ণ চৰিত্ৰ যুধিষ্ঠিৰক ধৰ্মৰাজ ব...